শোণিতপুৰৰ ঠেলামৰাত উন্মাদ পুত্ৰই ডিঙি ৰেপি হত্যা কৰিলে পিতৃক, আহত মাতৃও

News18 Assam | News18-Assam
Updated:September 11, 2020, 10:12 AM IST
শোণিতপুৰৰ ঠেলামৰাত উন্মাদ পুত্ৰই ডিঙি ৰেপি হত্যা কৰিলে পিতৃক, আহত মাতৃও
পিতৃক হত্যা কৰি উন্মাদ হৈ পৰা বিকাশে মাতৃ মাইনাওশ্ৰী বড়োকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত মাতৃ গৰাকীয়েও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পিতৃক হত্যা কৰি উন্মাদ হৈ পৰা বিকাশে মাতৃ মাইনাওশ্ৰী বড়োকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত মাতৃ গৰাকীয়েও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

  • News18 Assam
  • Last Updated: September 11, 2020, 10:12 AM IST
  • Share this:
শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰবিল কছাৰী গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। কুলাংগাৰ পুত্ৰই বিকাশ বড়োৱে চোকা অস্ত্ৰৰে পিতৃ তুলেশ্বৰ বড়োক কৰে হত্যা। ঘটনাৰ বিৱৰণী অনুসৰি নিশা পিতৃ তুলেশ্বৰ বড়ো (৪৭) আৰু পুত্ৰ বিকাশ বড়ো (২২)ৰ মাজত কোনো কথাত কথাৰ কটাকটি হয়। ইয়াতে বিকাশ বড়োৱে হিতাহিত জ্ঞান হেৰুৱাই পিতৃক চোকা অস্ত্ৰৰে ডিঙিত আঘাত কৰাত পিতৃৰ থিতাতেই মৃত্যু ঘটে।

আনহাতে, পিতৃক হত্যা কৰি উন্মাদ হৈ পৰা বিকাশে মাতৃ মাইনাওশ্ৰী বড়োকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত মাতৃ গৰাকীয়েও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইফালে এই ঘটনাৰ খবৰ নিশাই ঠেলামৰা আৰক্ষীয়ে লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ উন্মাদ যুৱকজনক গ্ৰেপ্তাৰ কৰে।

আনহাতে, পুত্ৰৰ আক্ৰমণৰ বলি হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মাতৃ মাইনাওশ্ৰীক সংকটজনক অৱস্থাত আৰক্ষীয়ে তেজপুৰ চিকিৎসামহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

স্থানীয় একাংশ লোকৰ মতে, অত্যধিক সুৰাপানৰ বাবেই এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰে যুৱকজনে। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী পুত্ৰ বিকাশ বড়োক গ্ৰেপ্তাৰ কৰিছে।
Published by: Sanjay Kumar Das
First published: September 11, 2020, 10:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading