কোভিড আক্ৰান্ত পিতৃৰ চিকিৎসালয়তে মৃত্যু, তাৰ পিছতে গ্ৰেপ্তাৰ হ’ল পুত্ৰ, নিশা উত্তপ্ত হৈ পৰে JMCH

কোভিড আক্ৰান্ত পিতৃৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগীয়া হ’ল পুত্ৰ। এই ঘটনা সংঘটিত হৈছে যোৰহাটত।
কোভিড আক্ৰান্ত পিতৃৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগীয়া হ’ল পুত্ৰ। এই ঘটনা সংঘটিত হৈছে যোৰহাটত।
- News18 Assam
- Last Updated: September 13, 2020, 9:54 AM IST
মৃত লোকজনৰ পুত্ৰ ঈষাণজ্যোতি শইকীয়া আৰু চিকিৎসকৰ মাজত প্ৰথমে সৃষ্টি হৈছিল বাক-বিতণ্ডাৰ। আবেগিক হৈ থকা ঈষাণজ্যোতিয়ে চিকিৎসকগৰাকীক হঠাৎ এটা চৰ শোধায়। ইয়াৰ পিছতে পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰে। ঈষাণজ্যোতিৰ বিৰুদ্ধে JMCHৰ চিকিৎসক ডা০ দীপজ্যোতি শইকীয়াক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ অভিযোগত কৰ্তৃপক্ষই থানাত এজাহাৰ দাখিল কৰে।
তাৰ বিপৰীতে ঈষাণজ্যোতিকো চিকিৎসকে অভব্য আচৰণ কৰি প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে ঈষাণজ্যোতি আৰু তেওঁৰ ভাতৃয়ে। ইতিমধ্যে শনিবাৰে বিয়লি পিতৃক হেৰুওৱা ঈষাণজ্যোতিক আৰক্ষীয়ে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বোকাখাতৰ অৰূপ শইকীয়া নামৰ লোকজনক শুকুৰবাৰে পুৱতি নিশা কোভিড19ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত JMCHৰ বিশেষ কোভিড চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । লোকজন মধুমেহ ৰোগত আক্ৰান্ত আছিল আৰু পৰিয়ালে জনোৱা মতে, শেহতীয়া ৰিপৰ্ট অনুসৰি তেওঁৰ চুগাৰ লেভেল আছিল৪০০।
মৃত অৰূপ শইকীয়াৰ পৰিয়ালৰ অভিযোগ অনুসৰি শুকুৰবাৰে চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছৰে পৰা তেওঁক কোনো চিকিৎসা প্ৰদান কৰা হোৱা নাছিল। উশাহ ল’বলৈ কষ্ট পোৱা লোকজনে অক্সিজেন বিচাৰি কেইবাবাৰো ঘৰলৈ ফোন কৰিছিল। ডায়েবেটিচৰ ঔষধৰো কোনো ব্যৱস্থা লাভ নকৰা বুলি লোকজনে পৰিয়ালক জনাইছিল।
অৱশেষত পিতৃক চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈ নিবলৈ বিচাৰিছিল যদিও চিকিৎসকৰ পৰা এই সন্দৰ্ভত কোনো সঁহাৰি নোপোৱাৰ অভিযোগ তুলিছে দুই পুত্ৰই। তেওঁলোকৰ মতে, পিতৃক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছৰে পৰা যাৱতীয় কোনো চিকিৎসা নেপালে আৰু সেই বাবেই তেওঁলোকে পিতৃক হেৰুৱাব লগীয়া হ’ল। ঈষাণজ্যোতিয়ে এই সন্দৰ্ভত চিকিৎসকৰ সৈতে বাক-বিতণ্ডা হোৱাত ডাঃ দীপজ্যোতি শইকীয়াক এটা চৰ মৰাৰ কথা স্বীকাৰো কৰিছে।
JMCHৰ কৰ্তৃপক্ষই কি কয়?
এই ঘটনাক দূৰ্ভাগ্যজনক আখ্যা দিছে JMCH কৰ্তৃপক্ষই। এনে জটিল পৰিস্থিতিৰ সময়ত চিকিৎসা সেৱা আগবঢ়াই অহা এই চিকিৎসকসকলক শাৰিৰীক ভাৱে অপদস্থ কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি জানিবলৈ দিয়ে JMCHৰ অধীক্ষকে। আনহাতে চিকিৎসাধীন লোকজনক প্ৰথমৰ পৰাই যাৱতীয় চিকিৎসা প্ৰদান কৰা হৈছিল বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই।
"উপযুক্ত চিকিৎসা যদিহে লাভ কৰা নাই তেন্তে সেই সন্দৰ্ভত মোক জনাব লাগিছিল। মই জনাত তেওঁক যাৱতীয় চিকিৎসা প্ৰদান কৰা হৈছিল। তেখেতৰ অক্সিজেন লেভেল কমি ৮০-৮২ হৈছিল। পিছত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।", JMCH ৰ অধীক্ষক ডাঃ পুৰ্ণিমা বৰুৱাই এনেদৰে কয়।