আকৌ আহিছে কোৰোণা! ৰহাত পিতৃ-কন্যাৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি

News18 Assam | News18-Assam
Updated:February 26, 2021, 9:35 PM IST
আকৌ আহিছে কোৰোণা! ৰহাত পিতৃ-কন্যাৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি
বিগত দুদিন ধৰি জ্বৰত আক্ৰান্ত হোৱা চুচেনে চন্দ্ৰ বৰদলৈয়ে মহাদেউশাল পৰিপূৰক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰে।

বিগত দুদিন ধৰি জ্বৰত আক্ৰান্ত হোৱা চুচেনে চন্দ্ৰ বৰদলৈয়ে মহাদেউশাল পৰিপূৰক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰে।

  • Share this:
বিগত বৰ্ষত বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোৰোণা মহামাৰী কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও বৰ্তমান পুনৰ কোৰোণা মহামাৰীয়ে শংকিত কৰি তুলিছে জনসাধাৰণক। নগাঁও জিলাৰ ৰহাৰ লাউফুলাবড়ীত পিতৃ আৰু কন্যাৰ দেহত ধৰা পৰিছে কোভিড ১৯ পজিটিভ। ৰহাৰ লাউফুলাবড়ীৰ চুচেন চন্দ্ৰ বৰদলৈ নামৰ লোকজনৰ লগতে তেওঁৰ কন্যা দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে কোভিড ১৯ৰ উপস্থিতি।

জানিব পৰা মতে, বিগত দুদিন ধৰি জ্বৰত আক্ৰান্ত হোৱা চুচেনে চন্দ্ৰ বৰদলৈয়ে মহাদেউশাল পৰিপূৰক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য কেন্দ্ৰত চুচেনক কোভিড পৰীক্ষা কৰোৱাত ইয়াৰ উপস্থিতি ধৰা পৰে। পিছত চুচেনৰ পৰিয়ালৰ সকলো সদস্যকে কোভিড পৰীক্ষা কৰাত তেওঁৰ কন্যা দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ দেহতো কোভিড ১৯ৰ উপস্থিতি ধৰা পৰে।

বৰ্তমান দুয়োকে হোম আইচ'লেশ্বনত ৰখা হৈছে। মিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰি ফুৰা চুচেনৰ কোনো ভ্ৰমণ ইতিহাস নাই। ইফালে শুকুৰবাৰে চিকিৎসালয় তৰফৰ পৰা ছাত্ৰীগৰাকী অধ্যয়নৰত জোঙাল বলহু গড় শ্বহীদ স্মৃতি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলকো কোভিড পৰীক্ষা কৰা হয়।
Published by: Sanjay Kumar Das
First published: February 26, 2021, 9:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি