
প্ৰাথমিক চিকিৎসাৰ পিছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় লোকজনক।
প্ৰাথমিক চিকিৎসাৰ পিছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় লোকজনক।
বকোৰ ধেলাচৰত অমানৱীয় ঘটনা। বৃদ্ধ পিতৃক দাৰে উপৰ্যুপৰি আক্ৰমণ পাষণ্ড পুত্ৰৰ। পিতৃক মূৰ, হাত, ভৰিত দাৰে ঘপিয়ালে পুত্ৰই। আঘাতপ্ৰাপ্ত লোকজনৰ নাম আদিত্য কলিতা। ততাতৈয়াকৈ আদিত্য কলিতাক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।
প্ৰাথমিক চিকিৎসাৰ পিছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় লোকজনক। আক্ৰমণকাৰী পুত্ৰ শংকৰ কলিতাক ৰাইজে কৰায়ত্ত কৰি লপাথপা দিয়ে। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আটক কৰে অভিযুক্ত শংকৰ কলিতাক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|