• Home
  • »
  • News
  • »
  • assam
  • »
  • অৱশেষত আহিল ভাল খবৰটো! পুত্ৰ আৰু পিতৃয়ে একেদিনাই লাভ কৰিলে শিক্ষকৰ নিযুক্তি পত্ৰ

অৱশেষত আহিল ভাল খবৰটো! পুত্ৰ আৰু পিতৃয়ে একেদিনাই লাভ কৰিলে শিক্ষকৰ নিযুক্তি পত্ৰ

আজিৰ দিনটোতে ৰাজ্যত একেলগে নিযুক্তি লাভ কৰিলে প্ৰায় ২৭,৯০১ এগৰাকী শিক্ষকে।

আজিৰ দিনটোতে ৰাজ্যত একেলগে নিযুক্তি লাভ কৰিলে প্ৰায় ২৭,৯০১ এগৰাকী শিক্ষকে।

আজিৰ দিনটোতে ৰাজ্যত একেলগে নিযুক্তি লাভ কৰিলে প্ৰায় ২৭,৯০১ এগৰাকী শিক্ষকে।

  • Share this:
শুকুৰবাৰৰ দিনটো আছিল ৰাজ্য চৰকাৰৰ শিক্ষাখণ্ডৰ বাবে ঐতিহাসিক দিন। আজিৰ দিনটোতে ৰাজ্যত একেলগে নিযুক্তি লাভ কৰিলে প্ৰায় ২৭,৯০১ এগৰাকী শিক্ষকে। সৰুসঁজাই ষ্টেডিয়ামত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিতৰণ কৰা হয় নিযুক্তি পত্ৰ।

২৮ বছৰে বিনাবেতনে মৰিগাঁৱৰ বৰ চকা বহা আঞ্চলিক হাইস্কুলত শিক্ষকতা কৰা  শিক্ষক অতুল চন্দ্ৰ নাথে আজিৰ দিনটোতে লাভ কৰিলে চৰকাৰী স্বীকৃতি। কেৱল অতল চন্দ্ৰ নাথেই নহয়, তেওঁৰ পুত্ৰ প্ৰাঞ্জল নাথেও আজি পিতৃৰ লগতে লাভ কৰিলে নিযুক্তি পত্ৰ। টেট পৰীক্ষাত মৰিগাওঁ জিলাৰ ভিতৰতে বিজ্ঞান শাখাত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰাঞ্জল নাথে।

পিতৃয়ে দীঘলীয়া সংগ্ৰামৰ অন্তত শুকুৰবাৰে নিযুক্তি লাভ কৰাত এতিয়া সুখী পুত্ৰ প্ৰাঞ্জল। সেইদৰে পুত্ৰই লাভ কৰা সাফল্যতো আনন্দ প্ৰকাশ কৰে পিতৃ অতুল চন্দ্ৰ নাথে।বছৰীয়া সংগ্ৰামৰ অন্তত অতুল চন্দ্ৰ নাথে আজি লাভ কৰা স্বীকৃতিৰ বাবে ধন্যবাদ জনাই শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।
Published by:Himangshu Bhuyan
First published: