পুখুৰীত মাছ মাৰি থকা অৱস্থাত পিতৃৰ সৈতে থকা শিশুটি প্ৰথমতে অকস্মাতে পুখুৰীত পৰি ককবকাই থকা দেখি পিতৃ মুহি চাওৰাই পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ পুখুৰীত জাপ দিয়ে।
সোণাৰি নগৰৰ সমীপৰ তথা চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত চফ্ৰাই ১নং বৰপথাৰ গাঁৱত শনিবাৰে বিয়লি এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। চফ্ৰাইৰ ১নং বৰপথাৰ গাঁৱৰ নিৱাসী মুহি চাওৰা (৩৭) আৰু তেওঁৰ পুত্ৰ ৰাজ চাওৰা(৭)ৰ আজি বিয়লি নিজ ঘৰৰ পুখুৰীত পৰি মৃত্যু হয়।
পুখুৰীত মাছ মাৰি থকা অৱস্থাত পিতৃৰ সৈতে থকা শিশুটি প্ৰথমতে অকস্মাতে পুখুৰীত পৰি ককবকাই থকা দেখি পিতৃ মুহি চাওৰাই পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ পুখুৰীত জাপ দিয়ে। ইফালে পুখুৰীটোৰ পানী ১০–১২ ফুট গভীৰ হোৱা বাবে পিতা–পুত্ৰ দুয়োৰে সলিলসমাধি ঘটে। অতি হৃদয়বিদাৰক ঘটনাটটোৱে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|