দিখৌৰ পাৰত হিয়া ঢাকুৰি কান্দিছে মাতৃয়ে, আজিও সন্ধান নোলাল দিখৌত সন্ধানহীন শিৱসাগৰৰ পাৰ্থপ্ৰতিমৰ

News18 Assam | News18-Assam
Updated:December 29, 2019, 4:47 PM IST
দিখৌৰ পাৰত হিয়া ঢাকুৰি কান্দিছে মাতৃয়ে, আজিও সন্ধান নোলাল দিখৌত সন্ধানহীন শিৱসাগৰৰ পাৰ্থপ্ৰতিমৰ
শনিবাৰে দিখৌ নৈত গা ধুবলৈ গৈছিল পানীচুকিৰ পাৰ্থপ্ৰতিম বৰাই। লগৰীয়াৰ সৈতে সাঁতুৰি গা ধুই থকা পাৰ্থপ্ৰতিম হঠাত দিখৌৰ বুকুত ডুব যায়।

শনিবাৰে দিখৌ নৈত গা ধুবলৈ গৈছিল পানীচুকিৰ পাৰ্থপ্ৰতিম বৰাই। লগৰীয়াৰ সৈতে সাঁতুৰি গা ধুই থকা পাৰ্থপ্ৰতিম হঠাত দিখৌৰ বুকুত ডুব যায়।

  • Share this:
শিৱসাগৰত দিখৌ নদীত অঘটন। শনিবাৰে দিখৌ নদীত সন্ধানহীন হৈছিল পিতা–পুত্ৰ। গা ধুবলৈ গৈ দিখৌত সন্ধানহীন হৈছিল পাৰ্থপ্ৰতিম বৰা নামৰ কিশোৰজন। পুত্ৰক বচাবলৈ গৈ সন্ধানহীন হৈছিল পিতৃ বাণীকান্ত বৰাও। NDRFৰ অভিযানত উদ্ধাৰ হৈছিল পিতৃ বাণীকান্ত বৰাৰ মৃতদেহ। কিন্তু আজিও সন্ধান নোলাল পুত্ৰ পাৰ্থপ্ৰতিম বৰাৰ। আজি দ্বিতীয়দিনাও দিখৌৰ বুকুত NDRF–এ অভিযান চলাইছিল যদিও সন্ধান নোলাল পাৰ্থপ্ৰতিমৰ।

উল্লেখযোগ্য যে শনিবাৰে দিখৌ নৈত গা ধুবলৈ গৈছিল পানীচুকিৰ পাৰ্থপ্ৰতিম বৰাই। লগৰীয়াৰ সৈতে সাঁতুৰি গা ধুই থকা পাৰ্থপ্ৰতিম হঠাত দিখৌৰ বুকুত ডুব যায়। পাৰ্থপ্ৰতিমক বচাবলৈ নদীত নামিছিল পিতৃ আৰু বৰদেউতাকো। কিন্তু পুত্ৰৰ সন্ধানত নৈত নামি পৰা পিতৃ বাণীকান্তও সন্ধানহীন হৈ পৰিছিল নৈৰ বুকুত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি