• Home
  • »
  • News
  • »
  • assam
  • »
  • CHARAIDEO : খৰি কাটিবলৈ গৈ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই, চৰাইদেউ জিলাত বজ্ৰপাতে কঢ়িয়ালে শোক

CHARAIDEO : খৰি কাটিবলৈ গৈ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই, চৰাইদেউ জিলাত বজ্ৰপাতে কঢ়িয়ালে শোক

প্ৰায় ২ মান বজাত হঠাৎ অহা বৰষুণৰ মাজতে বজ্ৰপাতত মৃত্যু হয় পিতা-পুত্ৰৰ

প্ৰায় ২ মান বজাত হঠাৎ অহা বৰষুণৰ মাজতে বজ্ৰপাতত মৃত্যু হয় পিতা-পুত্ৰৰ

প্ৰায় ২ মান বজাত হঠাৎ অহা বৰষুণৰ মাজতে বজ্ৰপাতত মৃত্যু হয় পিতা-পুত্ৰৰ

  • Share this:
চৰাইদেউ জিলাৰ মথুৰাপুৰত আজি বজ্ৰ পৰি এটি শিশুসহ এজন লোকৰ মৃত্যু হয় ৷ বজ্ৰপাতত গুৰুতৰভাৱে আহত হয় আন এজন লোকো ৷ চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷

মঙলবাৰে দিনৰ প্ৰায় ২ মান বজাত হঠাৎ অহা বৰষুণৰ মাজতে বজ্ৰপাতত মৃত্যু হয় পিতা-পুত্ৰৰ৷ খৰি কাটিবলৈ যোৱা অৱস্থাত মৃত্যুক সাৱটি লয় পিতা-পুত্ৰই৷ নিহত ব্যক্তিজনৰ নাম অবিনাশ কৰ্মকাৰ (৩০) আৰু কণমানি শিশুটি  কৃষ্ণ কৰ্মকাৰ (৭) বুলি জানিব পৰা গৈছে৷

ইফালে বজ্ৰপাতত গুৰুতৰভাৱে আহত হৈছে জোন কৈৰা (৩০) নামৰ আন এজন লোক৷ গুৰুতৰভাৱে আহত জোন কৈৰাক সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷
Published by:Gautam Barman
First published: