• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Encounter : আত্মসমৰ্পণ কৰা লোকে পলায়নৰ চেষ্টা নকৰে! বিকি মৃত্যু পৰিকল্পিত বুলি অভিযোগ পিতৃৰ

Guwahati Encounter : আত্মসমৰ্পণ কৰা লোকে পলায়নৰ চেষ্টা নকৰে! বিকি মৃত্যু পৰিকল্পিত বুলি অভিযোগ পিতৃৰ

এই ঘটনাৰ উচিত বিচাৰৰ দাবী কৰে পৰিয়ালে।

এই ঘটনাৰ উচিত বিচাৰৰ দাবী কৰে পৰিয়ালে।

এই ঘটনাৰ উচিত বিচাৰৰ দাবী কৰে পৰিয়ালে।

  • Share this:
পাণবজাৰ মহিলা আৰক্ষীত গোচৰ ৰুজু হোৱা মাত্ৰে পলায়ন কৰিছিল বিকি আলীয়ে ৷ সমনীয়া চাৰি বন্ধুৰ স'তে পৰিকল্পিতভাৱে হোটেলত ধৰ্ষণ কৰিছিল বিকিয়ে (Garigaon Rape Case) ৷ অৱশেষত গাড়ীগাঁৱৰ  গণধৰ্ষণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড বিকি আলীক পলাই থকাৰ পিছত দামপুৰৰ পাহাৰত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। আৰু কালি মাজ নিশা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় (Guwahati Encounter)।

কিন্তু বিকিৰ পৰিয়ালে বিকিক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে  আত্মসমৰ্পণ কৰা বুলি দাবী কৰে। বিকিৰ পিতৃয়ে কয় যে আত্মসমৰ্পণ কৰা লোকে পলায়নৰ চেষ্টা নকৰে। যোৱা নিশাৰ ঘটনাত পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াও  সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত  হয় যদিও বিকিৰ পৰিয়ালে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে। পৰিয়ালে ক্ষোভেৰে কয় যে আত্মসমৰ্পণ কৰি সকলো শাস্তি মূৰ পাতি ল'ম বুলি কোৱাৰ পিছতো সহজভাৱে নল'লে আৰক্ষীয়ে ৷  এই ঘটনাৰ উচিত বিচাৰৰ দাবী কৰে পৰিয়ালে।
Published by:Gautam Barman
First published: