• Home
  • »
  • News
  • »
  • assam
  • »
  • By Election : ৩০ অক্টোবৰত নিৰূপণ হ'ব ৩১ প্ৰাৰ্থীৰ ভাগ্য, মুখ্যমন্ত্ৰীয়ে ক'লে- এতিয়া ৰাইজৰ পাল

By Election : ৩০ অক্টোবৰত নিৰূপণ হ'ব ৩১ প্ৰাৰ্থীৰ ভাগ্য, মুখ্যমন্ত্ৰীয়ে ক'লে- এতিয়া ৰাইজৰ পাল

উপ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱা প্ৰথম দেখিলোঁ: ৰকিবুল হুছেইন

উপ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱা প্ৰথম দেখিলোঁ: ৰকিবুল হুছেইন

উপ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱা প্ৰথম দেখিলোঁ: ৰকিবুল হুছেইন

  • Share this:
পাঁচ সমষ্টিৰ উপনিৰ্বাচন (By Election)ৰ বাবে বিগত নটা দিনে যুদ্ধসদৃশ পৰিৱেশত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰতিটো ৰাজনৈতিক দলে ৷ এখোপ ওপৰত থাকি নটা দিনত হেলিকপ্টাৰ উৰুৱাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই প্ৰচাৰ চলালে ৩৫খন সভাত ৷ এতিয়া ৰাইজৰ পাল ৷ ৩০ অক্টোবৰত ৰাইজে নিৰ্ণয় কৰিব ৩১ প্ৰাৰ্থীৰ ভাগ্য ৷

ন দিনে অহৰ্নিশে চলিল পাঁচ সমষ্টিত শাসক-বিৰোধীৰ তুমুল প্ৰচাৰ অভিযান। উজনিৰ থাওৰা (Thowra) আৰু মৰিয়নী (Mariani)ত কংগ্ৰেছৰ পৰা BJPলৈ আনি সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীক যিকোনো প্ৰকাৰে জয়ী কৰিবলৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ লগত কেবিনেট মন্ত্ৰী সকলেও দিলে সংগ ৷ ইয়াৰ বিপৰীতে অখিল গগৈ আৰু কংগ্ৰেছৰ নেতাসকলেও চলালে প্ৰচাৰ। নামনিৰ গোসাঁইগাঁৱ (Gosaigaon), ভৱানীপুৰ Bhabanipur) আৰু তামুলপুৰ (Tamulpur)ত শাসকীয় মিত্ৰজোঁট BJP-UPPL-AGPৰ নেতৃত্বই উবুৰি খাই পৰিল দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ৷ বহি নাথাকিল AIUDF আৰু কংগ্ৰেছো ৷ হেলিকপ্টাৰ লৈ মুখ্যমন্ত্ৰীয়ে চলালে উজনি-নামনিৰ পাঁচ সমষ্টিত প্ৰচাৰ ৷

বুধবাৰে পাঁচ বজাত নিৰ্বাচনী প্ৰচাৰ সমাপ্তি হ'ল ৷ এতিয়া ৩০ অক্টোবৰলৈ অপেক্ষা ৷ ৰাইজে নিৰ্ণয় কৰিব পাঁচ সমষ্টিত মুঠ ৩১জন প্ৰাৰ্থীৰ ভাগ্য। প্ৰচাৰৰ শেষত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'লে- 'প্ৰচাৰ শেষ, এতিয়া ৰাইজৰ পাল ৷ আপোনালোক সকলোয়ে জানে, ফলাফল কি হ'ব?”

মুখ্যমন্ত্ৰী ড° শৰ্মাই যুদ্ধসদৃশ পৰিৱেশত নিৰ্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভত বিৰোধী উপ দলপতি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক সমালোচনা কৰে ৷ ৰকিবুলে ক'লে- “উপ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰথম দেখিলোঁ ৷ এই উপ নিৰ্বাচনত আমাৰ ফলাফল BJPত কৈ ভাল হ'ব ৷”

ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে এই উপ নিৰ্বাচনত সৰ্বমুঠ ৭,৯৬,৪৫৬ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩১জন প্ৰাৰ্থীৰ ৷ ইয়াৰ ভিতৰত ৪,০৩,৩৭৪জন পুৰুষ, ৩,১৩,০৭৮ গৰাকী মহিলা আৰু চাৰিগৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷ ছাৰ্ভিচ ভোটাৰ আছে ৩,১৬৫ গৰাকী ৷

থাওৰা, মৰিয়নি, তামুলপুৰ, ভৱানীপুৰ আৰু গোসাঁইগাঁৱত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হ'ল তামুলপুৰ ৷ তামুলপুৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা হ'ল ২,১৭,৫৩২গৰাকী ৷ ভোটাৰৰ সংখ্যা সৰ্বনিম্ন হ'ল থাওৰা সমষ্টিত ৷ থাওৰাত ভোটাৰৰ সংখ্যা হ'ল ১,১৫,৯৭১ গৰাকী ৷
Published by:Manjumoni Borah
First published: