গুৱাহাটীত ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক মৃত্যু, প্ৰেমিকৰ সৈতে কাজিয়াৰ পৰিণতি বুলি সন্দেহ

News18 Assam | News18-Assam
Updated:January 12, 2020, 5:25 PM IST
গুৱাহাটীত ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক মৃত্যু, প্ৰেমিকৰ সৈতে কাজিয়াৰ পৰিণতি বুলি সন্দেহ
জালুকবাৰীৰ শংকৰ দেৱ নগৰৰ গংগা এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ কোঠাত উদ্ধাৰ মৌচুমী শইকীয়া চহৰীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ।

জালুকবাৰীৰ শংকৰ দেৱ নগৰৰ গংগা এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ কোঠাত উদ্ধাৰ মৌচুমী শইকীয়া চহৰীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ।

  • Share this:
গুৱাহাটীত এগৰাকী ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক মৃত্যু। জালুকবাৰীৰ শংকৰ দেৱ নগৰৰ গংগা এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ কোঠাত উদ্ধাৰ মৌচুমী শইকীয়া চহৰীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ। নিজৰ কোঠাতে চিপ লোৱা অৱস্থাত উদ্ধাৰ মৌচুমীৰ মৃতদেহ। গংগা এপাৰ্টমেণ্টৰ বাসিন্দা আছিল মৌচুমী শইকীয়া চহৰীয়া।

জানিব পৰা মতে, এপাৰ্টমেণ্টটোত দীৰ্ঘদিন প্ৰেমিক দীপাংকৰ দাসৰ সৈতে বাস কৰিছিল মৌচুমীয়ে। দীপাংকৰো গুৱাহাটীত ফেশ্বন ডিজাইনাৰ হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে। দুয়োৰে মাজত কাজিয়াৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। প্ৰেমিক দীপাংকৰ দাসক সোধা–পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে। এয়া হত্যা নে আত্মহত্যাৰ ঘটনা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি