এসাজ খাই এসাজ লঘোনে থাকি কোনোমতে জীয়াই আছে দুৰ্ভগীয়া কৃষকসকল ।
এসাজ খাই এসাজ লঘোনে থাকি কোনোমতে জীয়াই আছে দুৰ্ভগীয়া কৃষকসকল ।
মূৰে-কপালে হাত দি হুমুনিয়াহ কাঢ়ি দিন পাৰ কৰিছে ৰঙিয়াৰ বগৰীবাৰীৰ কৃষক সকলে । পুঠিমাৰী নৈৰ বানে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষি ভুমি নষ্ট কৰি পেলাইছে । এবছৰ পূৰ্বে বগৰীবাৰীত পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ পিছৰে পৰা বালিৰে ভৰি পৰিছে খেতি পথাৰ ।
পুঠিমাৰী নৈৰ প্ৰলয়ংকাৰী বানে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষি ভুমি নষ্ট কৰি পেলাইছে । যাৰ বাবে খেতিয়ক সকলে মুৰে কপালে হাত দিব লগা হৈছে । পেটৰ তাৰণাত দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে খেতিয়কসকল । এসাজ খাই এসাজ লঘোনে থাকি কোনোমতে জীয়াই আছে দুৰ্ভগীয়া কৃষকসকল ।
জীৱিকাৰ মূল সম্বল সপোনৰ ধাননি পথাৰখন পানীৰ তলত থকাত পেটত গামোচা বান্ধি কষ্টকৰ দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ হেজাৰৰো অধিক কৃষকে । কৃষি বিভাগে বৰ্তমানলৈকে ক্ষয়ক্ষতিৰ কোনো জৰীপ পৰ্যন্ত চলোৱা নাই । খেতিয়কসকলে পোৱা নাই কোনো চৰকাৰী সাহাৰ্য ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|