মাজুলীৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ নামনি মাজুলীৰ বিভিন্ন স্থানত এতিয়া শুঁৰপোকে নিদ্ৰা হৰিছে কৃষক ৰাইজৰ ৷বান আৰু গঢ়াখহনীয়াই জুৰুলা কৰা কৃষকে এতিয়া ৰবি শস্যৰ কৃষি কৰ্মত ব্যস্ত হৈছিল যদিও পুনৰ মাজুলীৰ কৃষক সকল সন্মূখীন হৈছে আন এক বিপদৰ ৷
নামনি মাজুলীৰ বিৰিণাবাৰী, অৰ্জুনগুৰি কে ধৰি বিভিন্ন স্থানৰ বিশাল কৃষিভূমিত শুৰ পোকৰ সন্ত্ৰাসে চকুৰ টোপনি হৰিছে কৃষকৰ । বাৰিষাৰ বানপানীয়ে অঞ্চলটোৰ বিস্তৃত শালি ধানৰ খেতি নষ্ট কৰাৰ পাছত খৰালি দুখীয়া কৃষকে শ শ বিঘা কৃষিভূমিত দুবাৰকৈ মাটি মাহৰ বীজ সিচিও শুঁৰ পোকৰ উপদ্ৰৱত কৃষক সকলে এতিয়া মূৰে–কপালে হাত দিব লগীয়া হৈছে । কৃষিৰ ওপৰত নিৰ্ভৰশীল বিৰিণাবাৰী আৰু অৰ্জুনগুৰি গাঁৱৰ কৃষক পৰিয়ালৰ জীৱনলৈ এতিয়া যেন অন্ধকাৰ নমাই আনিছে এই শুঁৰপোকে । এনে অৱস্থাত মাজুলী জিলা কৃষি বিভাগে দৰিদ্ৰ কৃষক সকলৰ ওচৰত থিয় নোহোৱাত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে কৃষক সকল ।
দুই তিনিবাৰ কৈ এই অঞ্চলৰ লোকে মাটি মাহৰ বীজ সিচাৰ পিছতো আজি পৰ্যন্ত বীজ গজাৰ পৰিৱৰ্তে শুঁৰপোকে প্ৰতিবাৰেই মাহৰ বীজ খাই নিঃশেষ কৰাত পৰিয়াল সমুহ চিন্তিত হৈ পৰিছে ৷ চৰকাৰ তথা কৃষি বিভাগক এই ভুক্তভোগী পৰিয়াল কেইটাক শুঁৰপোক নিৰ্মূলৰ এক উচিত ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷ আনহাতে নামনি মাজুলীৰ এই বিশাল কৃষি ভূমি বৰ্ত্তমান কোনো কৃষিৰ বাবেই উপযোগী নহয় বুলি মত পোষণ কৰিছে কৃষকে । লাখ-লাখ শুঁৰ পোকে বাসস্থান কৰি লোৱা এই কৃষি ভূমিত বৰ্তমান কৃষকে যিকোনো কৃষি কৰিলেও শুঁৰ পোকে সেইসমূহ বিনষ্ট কৰি পেলাব বুলি ক্ষোভ আৰু হতাশা প্ৰকাশ কৰিছে অঞ্চলটোৰ কৃষকে। কৃষি বিভাগক অভিযোগ দিয়াৰ পাছতো কোনো লোক সেই স্থানত উপস্থিত নোহোৱাক লৈ স্বাভাবিকতে হতাশ হৈ পৰিছে কৃষকসকল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|