চৰকাৰে প্ৰতি কুইণ্টল ধান ১৯৪০ টকা মূল্যত ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাত উৎফুল্লিত কৃষক ৷
চৰকাৰে প্ৰতি কুইণ্টল ধান ১৯৪০ টকা মূল্যত ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাত উৎফুল্লিত কৃষক ৷
আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে বড়ো ধানৰ খেতি কৰি কৃষি বিপ্লৱ কঢ়িয়াই আনিছে ধিঙৰ এখন গাঁৱৰ শিক্ষিত যুৱক সকলে। ধিঙৰ শ'লগুৰি গাঁওখনৰ কৃষকসকলে কৃষি বিভাগৰ পৰা লাভ কৰা ধানৰ উন্নতমানৰ বীজ, ৰাসায়নিক সাৰ আৰু কৃষি বিভাগৰ দিহা পৰামৰ্শৰে বড়ো ধানৰ খেতি কৰি লাভান্বিত হৈছে ।
এই উন্নতমানৰ ধানৰ বীজৰ পৰা বিঘাই প্ৰতি উৎপাদন হৈছে ৩০ৰ পৰা ৩৫ মোন ধান । কিন্তু কোৰোণাৰ পৰিবেশৰ বাবে কৃষকসকলে উৎপাদিত ধান বিক্ৰী কৰিবলৈ নাছিল কোনো বজাৰ। শেহতীয়াকৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নিৰ্দেশ মৰ্মে কৃষি বিভাগে কৃষকৰ পৰা ধান ক্রয় কৰাৰ সিদ্ধান্ত লৈছে ।
চৰকাৰে প্ৰতি কুইণ্টল ধান ১৯৪০ টকা মূল্যত কৃষকৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগেই উৎফুল্লিত হৈ পৰিছে কৃষকসকল ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|