মুখ্যপৃষ্ঠা »খবৰ »অসম »Charaideo Farmer : লাখ টকা উপাৰ্জনৰ লক্ষ্যৰে  ৩০ বিঘা মাটিত ৬বিধ থলুৱা ধানৰ বীজ উৎপাদন চৰাইদেউৰ কৃষকৰ

Charaideo Farmer : লাখ টকা উপাৰ্জনৰ লক্ষ্যৰে  ৩০ বিঘা মাটিত ৬বিধ থলুৱা ধানৰ বীজ উৎপাদন চৰাইদেউৰ কৃষকৰ

প্ৰতি কেজি ধানৰ বীজ ৪০ টকা পাইকাৰী দৰত বিক্ৰী কৰি  যোৱা বছৰ চাৰিলাখ টকা  উপাৰ্জন কৰিছে কৃষক জনে। 

প্ৰতি কেজি ধানৰ বীজ ৪০ টকা পাইকাৰী দৰত বিক্ৰী কৰি  যোৱা বছৰ চাৰিলাখ টকা  উপাৰ্জন কৰিছে কৃষক জনে। 

  • Share this:

চৰাইদেউ জিলাৰ শিলাসাঁকোৰ প্ৰগতিশীল কৃষক হেমিদুৰ ৰহমানে ব্যৱসায় ভিত্তিত অসমৰ থলুৱা জাতৰ ৬বিধ ধানৰ বীজৰ খেতি  কৰি অধিক উপাৰ্জনক্ষম হৈছে। কৃষক পৰিয়ালৰ সন্তান হেমিদুৰ ৰহমানে সৰুৰে পৰা গভীৰ একাগ্ৰতাৰে পৰিশ্ৰম কৰি খেতি কৰাৰ লগতে শেহতীয়াকৈ ধানৰ বীজৰ খেতি কৰি সফল হৈছে।


কৃষিকৰ্মৰ জৰিয়তে জীৱন গঢ়াৰ সংগ্ৰাম কৰা ব্যক্তিজনে নিজৰ জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধানৰ বীজ বিক্ৰী কৰি উপাৰ্জনক্ষম হৈ উঠিছে।


বিগত এটা দশকৰো অধিক সময় ধৰি এই থলুৱা ধানৰ বীজ সংৰক্ষণ কৰাৰ লগতে ধানৰ বীজ বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰিছে তেওঁ। প্ৰতি কেজি ধানৰ বীজ ৪০ টকা পাইকাৰী দৰত বিক্ৰী কৰি  যোৱাবছৰ ৪ লাখ টকা  উপাৰ্জন কৰিছে কৃষকজনে।


স্নাতক ডিগ্ৰীধাৰী কৃষকজনে  প্ৰণালীবদ্ধভাৱে ৰণজিত্, মাচুৰী, আঘোণী বৰা, কেটেকী জহা , ৰণজিত্ ছাব-I আদি থলুৱা ধানৰ বীজসমূহ উৎপাদন কৰি “অৰাইজা“(ORYZA'S) নামৰ এটা ধানৰ বীজৰ ব্ৰেণ্ড সৃষ্টি কৰিছে৷


ৰাজ্যখনত বহু কৃষকে ব্যৱসায় ভিত্তিত ধান খেতি কৰে যদিও থলুৱা ধানৰ বীজ সংৰক্ষণ কৰা কৃষক খুব কমেই আছে৷ কৃষি ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চৰকাৰৰ কৃষি বিভাগ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ফালৰ পৰা আদৰ্শ কৃষক সন্মান লাভ কৰিছে কৃষকজনে।

শেহতীয়া বাতৰি