শাওণৰ পথাৰত এতিয়া কৃষকৰ সীমাহীন ব্যস্ততা৷ আঘোণত সোণগুটি চপাবলৈ ব্যস্ত হৈ পৰিছে কৃষক সমাজ ৷ হাল বোৱা, কঠীয়া তোলাৰ পৰা ভীষণ ব্যস্ত কৃষক ৰাইজ ৷ কিন্তু এই সময়ত পথাৰ এৰি বান্ধ বন্ধাৰ কামত ব্যস্ত হ'ব লগা হৈছে বাক্সাৰ একাংশ কৃষক, কাৰণ বাৰিষা আহিলেই বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ কৃষকসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ ৷
জলসিঞ্চনৰ অভাৱত এই অঞ্চলৰ ৰাইজে ভূটানৰ সীমাত আজিও ভেটিব লাগে খৰস্ৰোতা পাগলদিয়া নদী। নদীত শিল, গছৰ ডাল আদিৰে বান্ধ দি প্ৰায় ৮ হাজাৰ বিঘা কৃষি পথাৰলৈ পানী বোৱাই নিবলগীয়া হয় অঞ্চলটোৰ কৃষক ৰাইজে। বাৰিষাৰ সময়ত প্ৰতি মাহত ৬-৭ বাৰকৈ এনেদৰে কাম কৰিব লাগে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষকসকলে। উল্লেখ্য যে বহু বছৰ ধৰি ১নং চাউলকাড়া পাগলদিয়া গ্ৰুপ দোং বান্ধ সমিতিয়ে এনেদৰে বান্ধ নিৰ্মাণৰ কাম কৰি খেতি কৰি আহিছে বছৰটোৰ প্ৰত্যেক মাহতে ৷
কৃষকসকলৰ অভিযোগ দেশে স্বাধীনতা লাভ কৰাৰ পিছত বহু চৰকাৰ আহিল আৰু গ'ল ৷ কিন্তু কোনো এখন চৰকাৰেই তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ প্ৰতিবছৰেই নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকল উক্ত স্থানত উপস্থিত হৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰে যদিও নিৰ্বাচন শেষ হোৱাৰ পাছতেই তেওলোকৰ সমস্যালৈ পিঠি দিয়ে ৷ অত্যন্ত ক্ষোভ প্ৰকাশ কৰি অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে কৃষক ৰাইজে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|