মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ধেমাজিত কৃষকৰ হাহাকাৰ, বহ্মপুত্ৰৰ বুকুত পেলাইছে কুইণ্টলে কুইণ্টলে পাচলি

ধেমাজিত কৃষকৰ হাহাকাৰ, বহ্মপুত্ৰৰ বুকুত পেলাইছে কুইণ্টলে কুইণ্টলে পাচলি

News18 Assam | News18-Assam
Updated:April 18, 2020, 5:37 PM IST
ধেমাজিত কৃষকৰ হাহাকাৰ, বহ্মপুত্ৰৰ বুকুত পেলাইছে কুইণ্টলে কুইণ্টলে পাচলি
বজাৰত উপলব্ধ হোৱা নাই পৰ্যাপ্ত শাক–পাচলি। তাৰ পৰিৱৰ্তে পথাৰত গেলি–পচি নষ্ট হৈছে কৃষকৰ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা পাচলি৷

বজাৰত উপলব্ধ হোৱা নাই পৰ্যাপ্ত শাক–পাচলি। তাৰ পৰিৱৰ্তে পথাৰত গেলি–পচি নষ্ট হৈছে কৃষকৰ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা পাচলি৷

  • Share this:
মহামাৰী কোৰোণাৰ আতংকৰ মাজতে আৰ্থিক দুৰৱস্থাই জীয়াতু ভোগাইছে ধেমাজিৰ কৃষকসকলক৷ পথাৰতে গেলি–পচি নষ্ট হৈছে ধেমাজিৰ কৃষকৰ উৎপাদিত সামগ্ৰী৷ ধেমাজিৰ লখিমীপাৰ, ঘটপাৰ, মাজৰবাৰী, ছাগলীকটা, নলবাৰী, জীয়ালগুৰি,
আলীপুৰ, বামবস্তী, চেঙাজান আদি অঞ্চলৰ লোকসকলে বিলাহী, বেঙেনা, বন্ধা কবি, জলকীয়া খেতি কৰি দীৰ্ঘদিন ধৰি পৰিয়াল পোহ–পাল দি আহিছিল৷

পথাৰতে উৎপাদিত সামগ্ৰী নষ্ট হ’বৰ উপক্ৰম হোৱাত কৃষক সকল একত্ৰিত হৈ গাড়ী ভাড়া কৰি ধেমাজি জিলা প্ৰশাসনৰ অনুমতি লৈ ডিব্ৰুগড়ত বিক্ৰীৰ বাবে প্ৰথমে বত্ৰিশ কুইণ্টল বিলাহী, কবি, জলকীয়া, বেঙেনা লৈ গৈছিল যদিও ধেমাজিৰ সীমাৰ পৰাই ডিব্ৰুগড় প্ৰশাসনে উভতাই পঠোৱাত শাক–পাচলি ব্ৰহ্মপুত্ৰত পেলাই দিবলৈ বাধ্য হ’ল কৃষকসকল৷

ডিব্ৰুগড়লৈ নিবৰ বাবে সাজু কৰা আন নবৈ কুইণ্ট শাক–পাচলিও গেলি–পচি নষ্ট হোৱাৰ উপক্ৰম হৈছে৷ উল্লেখ্য যে ধেমাজিত এক কেজি জলকীয়াৰ মূল্য বিশ টকা হোৱাৰ পৰিৱৰ্তে ডিব্ৰগড়ত এক কেজি জলকীয়াৰ মূল্য দুশ টকা৷ বৰ্তমান সময়লৈ ধেমাজিত এজনো কোৰোণা ৰোগী চিনাক্তকৰণ হোৱা নাই৷

বজাৰত উপলব্ধ হোৱা নাই পৰ্যাপ্ত শাক–পাচলি। তাৰ পৰিৱৰ্তে পথাৰত গেলি–পচি নষ্ট হৈছে কৃষকৰ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা পাচলি৷ বিক্ৰীৰ বাবে থলুৱা কৃষকে লৈ যোৱা ধেমাজিৰ থলুৱা শাক–পাচলি ডিব্ৰুগড় প্ৰশাসনে উভতাই পঠোৱাৰ অভিযোগ কৰি  থলুৱা কৃষকে ব্ৰহ্মপুত্ৰত পেলাই দিব লগা হোৱা ঘটনা কৃষি বিভাগৰ অকৰ্মন্যতা আৰু নিষ্ক্ৰিয়তাৰ কথাই প্ৰমাণ কৰিছে।
Published by: Sanjay Kumar Das
First published: April 18, 2020, 5:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি