মুখত বিপ্লৱী গীত, হাতত কোৰ নাঙল লৈ অখিল গগৈৰ মুক্তিৰ দাবীত পথাৰত কৃষকৰ প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:July 29, 2020, 10:47 AM IST
মুখত বিপ্লৱী গীত, হাতত কোৰ নাঙল লৈ অখিল গগৈৰ মুক্তিৰ দাবীত পথাৰত কৃষকৰ প্ৰতিবাদ

  • Share this:
শাওনৰ পথাৰত কৃষকৰ ব্যস্ততাৰ সীমা নাই। সকলো ব্যস্ত কৃষি কৰ্মত। তাৰ মাজতে  মৰিয়নীৰ খেতি পথাৰত দেখিবলৈ পোৱা গ’ল ব্যতিক্ৰমী দৃশ্য। ব্যস্ততাৰ মাজতো খাটি খোৱা জনতা, চহা কৃষকৰ হকে মাত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত পথাৰতে কৃষক সকলে ৰূপায়ন কৰিলে প্ৰতিবাদ।



বিষ্ণু প্ৰসাদ ৰাভাৰ "ব'ল ব'ল  ব'ল ব'ল কৃষক শক্তি দল" শীৰ্ষক বিপ্লৱী গীত গীই গাই কৃষক সকলে কৃষি কৰ্মৰ সমান্তৰালকৈ কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনাই পথাৰত প্ৰদৰ্শন কৰে বিভিন্ন বেনাৰ পোষ্টাৰ।

কৃষক নেতা গৰাকীক মুক্তি বিচাৰি কৃষক সকলে বিভিন্ন শ্ল’গান দি পুৱাৰ পৰিবেশ উত্তাল কৰি তোলে। মৰিয়নী নকছাৰী মৰঙীয়াল গাঁৱৰ মাউতজুৰি পথাৰত একাংশ চহা খেতিয়কে কৃষক মুক্তিৰ নকছাৰী আঞ্চলিক সমিতিৰ সদস্য সকলৰ সহযোগত বুধবাৰে কৃষি কৰ্মৰ সমান্তৰালকৈ কৃষক নেতা গৰাকীক শীঘ্ৰে মুক্তি দিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।
Published by: Himangshu Bhuyan
First published: July 29, 2020, 10:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading