• Home
  • »
  • News
  • »
  • assam
  • »
  • Exceptional Art: পথাৰত খেতিৰ মাজতে কোৰেৰে ঘাঁহ কাটি যুৱকে আঁকিলে বিষ্ণু ৰাভাৰ ছবি

Exceptional Art: পথাৰত খেতিৰ মাজতে কোৰেৰে ঘাঁহ কাটি যুৱকে আঁকিলে বিষ্ণু ৰাভাৰ ছবি

যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবেই এই পদক্ষেপ যুৱক জনৰ৷ 

যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবেই এই পদক্ষেপ যুৱক জনৰ৷ 

যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবেই এই পদক্ষেপ যুৱক জনৰ৷ 

  • Share this:
পথাৰৰ বোকা মাটিত ঘাঁহ কাটি কলাগুৰুৰ  চিত্ৰ অংকন কৰি চৰ্চালৈ আহিছে  নাজিৰাৰ এজন যুৱ কৃষক ৷ পথাৰত কলাগুৰুলৈ ব্যতিক্ৰমী ৰূপত একাঁজলি শ্ৰদ্ধাঞ্জলি কৃষক শিল্পী জনৰ৷  সুন্দৰৰ পূজাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (kalaguru bishnu prasad rabha)ৰ ছবি পথাৰৰ প্ৰায় একঠা মাটিত কোৰেৰে কাটি আঁকিলে নাজিৰাৰ  দ্বীপজ্যোতি গগৈ নামৰ যুৱক জনে৷

নাজিৰা (Nazira)ৰ জয়খামদাং পথাৰত ঘাঁহ কাটি ব্যতিক্ৰমী ৰূপত কলাগুৰুৰ ছবিখন অংকন কৰিছে দ্বীপজ্যোতি গগৈয়ে। নাজিৰাৰ ঘৰফলীয়া গাঁৱত ঘৰ দ্বীপজ্যোতি গগৈ। অসমীয়া জাতীয় জীৱনৰ আৰু অসমীয়া কলা সংস্কৃতিৰ পথাৰত বিষ্ণুপ্ৰসাদ ৰাভাই যি খোজ এৰি থৈ গৈছে সেয়া স্মৰণ কৰিছে যুৱকজনে ।

মহান বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণু ৰাভাৰ মৃত্যু তিথিত ছবিখন সম্পূৰ্ণ  কৰাৰ কথা আছিল যদিও বতৰে বিধি পথালি দিয়াত পলমকৈ হলেও ছবিখন সম্পূৰ্ণ কৰিছে ৷ উল্লেখ্য যে খেতিৰ বাবে পথাৰত কোৰ মৰাৰ মাজতে মহান শিল্পী জনৰ ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে দ্বীপজ্যোতি গগৈয়ে ৷
Published by:Manjumoni Borah
First published: