মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ উদ্যোগত দেওবাৰে অৰ্থাৎ ২৫ ছেপ্তেম্বৰত জিলা উপায়ুক্তৰ কাৰ্যাল়য়ৰ সভাকক্ষত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড° ডম্বৰুধৰ নাথৰ এক বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ হৈ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে মাজুলীৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে বিদায়ী উপাচাৰ্যগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখ্য যে, মাজুলীত স্থাপন হোৱা অসমৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দৰে গুৰু দায়িত্ব বহন কৰি বিশ্ববিদ্যালয়খন আগুৱাই নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰা ডম্বৰুধৰ নাথক জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত পুলক মহন্তই সম্বৰ্ধনা বিদায় জনায়। অনুষ্ঠানটিত বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত পঞ্জীয়ক অৰিন্দম বৰুৱাকো বিদায় সম্বৰ্ধনা জনোৱা হয়। মন কৰিবলগীয়া যে, বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক দিতিমনি পেগুৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত অতিৰিক্ত উপাযুক্ত বিপুল কুমাৰ দাস, সঞ্জীৱ কুমাৰ ফুকন, সহকাৰী আয়ুক্ত দেৱ নাৰায়ন হাজৰিকা, সংগীতা বৰুৱা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল , বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে জিলাখনৰ বিশিষ্ট ব্যক্তিসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
Published by: Sehnaz Begum
FIRST PUBLISHED : September 26, 2022, 08:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।