সাৱধান! আহি আছে ‘ফণী’, অসমৰ ক’ত কিমান পৰিব প্ৰভাৱ?

অসমৰ কেইবাখনো জিলাত ‘ফণী’ৰ প্ৰভাৱ পৰাৰ আশংকাত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা।

news18assam
Updated:May 3, 2019, 11:56 PM IST
সাৱধান! আহি আছে ‘ফণী’, অসমৰ ক’ত কিমান পৰিব প্ৰভাৱ?
‘ফনী’ৰ প্ৰভাৱ পৰিব অসমত
news18assam
Updated: May 3, 2019, 11:56 PM IST
পশ্চিমবংগ, বাংলাদেশ হৈ উত্তৰ–পূৰ্বাঞ্চললৈ গতি কাল ধুমুহা ‘ফণী’ৰ। অসমৰ কেইবাখনো জিলাত ‘ফণী’ৰ প্ৰভাৱ পৰাৰ আশংকাত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা। অৰেঞ্জ আৰু য়েল্ল কেটেগৰীত সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। অসমত মূলতঃ শনি আৰু দেওবাৰে পৰিব ‘ফণী’ৰ প্ৰভাৱ। শনিবাৰে ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, কামৰূপত, দক্ষিণ শালমৰা, মানকাচৰ আৰু বাক্সাৰ ঠাই বিশেষে প্ৰবল বৃষ্টিপাতৰ কমলাৰঙী সতৰ্কতা জাৰি। বিপৰীতে নলবাৰী, কামৰূপ (মহানগৰ), দৰং, মৰিগাঁও, শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জত অতিপাত বৃষ্টিৰ আশংকাত হালধীয়াৰঙী সতৰ্কতা। দেওবাৰে বঙাইগাঁও, চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰি জিলাত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাতৰ আশংকা। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ), দক্ষিণ শালমৰা মানকাচৰ, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়ত বৃষ্টিপাতৰ আশংকাত সতৰ্কতা কমলাৰঙী সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই।
আৰু চাওক পৰৱৰ্তী বাতৰি