অসমতো প্ৰভাৱ পৰিব কাল ধুমুহা ‘ফণী’ৰ, প্ৰশাসনে জাৰি কৰিলে সতৰ্কতা

সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীকে ধৰি প্ৰতিখন জিলাত ব্ৰহ্মপুত্ৰত ফেৰী চলাচলত নিষেধাজ্ঞা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ।

news18assam
Updated:May 4, 2019, 8:04 AM IST
অসমতো প্ৰভাৱ পৰিব কাল ধুমুহা ‘ফণী’ৰ, প্ৰশাসনে জাৰি কৰিলে সতৰ্কতা
সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীকে ধৰি প্ৰতিখন জিলাত ব্ৰহ্মপুত্ৰত ফেৰী চলাচলত নিষেধাজ্ঞা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ।
news18assam
Updated: May 4, 2019, 8:04 AM IST
ওড়িশাৰ হোৱা প্ৰলয়ংকৰী ‘ফণী’ ঘূৰ্ণী বতাহৰ বাবে অসমৰ কেইবাখনো জিলাত প্ৰভাৱ পৰাৰ আশংকা। ইতিমধ্যে জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কতা। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীকে ধৰি প্ৰতিখন জিলাত ব্ৰহ্মপুত্ৰত ফেৰী চলাচলত নিষেধাজ্ঞা জাৰি। অসমত মূলতঃ আজি আৰু কাইলৈ ‘ফণী’ৰ প্ৰভাৱ পৰাৰ আশংকাত দুটা কেটেগৰীত সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, কামৰূপত, দক্ষিণ শালমৰা, মানকাচৰ আৰু বাক্সাত কমলাৰঙী আৰু নলবাৰী, কামৰূপ (মহানগৰ), দৰং, মৰিগাঁও, শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জত জাৰি কৰা হৈছে হালধীয়াৰঙী সতৰ্কতা। কাইলৈ বঙাইগাঁও, চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰি, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ), দক্ষিণ শালমৰা মানকাচৰ, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজিৰ লগতে কমলাৰঙী সতৰ্কতা জাৰি কৰা হৈছে ডিব্ৰুগড়তো। ৪ আৰু ৫ মে’৸ত নচলিব ফেৰী। গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী চলাচল বন্ধ কৰাৰ লগতে ধুবুৰী, যোৰহাট, মাজুলী, ডিব্ৰুগড়, শোণিতপুৰকে ধৰি প্ৰতিখন জিলাতে ব্ৰহ্মপত্ৰৰ বুকুত বন্ধ কৰিছে নাও চলাচল। ইফালে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে দুৰ্যোগ প্ৰশমন বাহিনী। ৰাইজৰ সুবিধা হোৱাকৈ প্ৰশাসনে মুকলি কৰিছে ১০৭০, ১০৭৭ আৰু ১০৭৯ বিনামূলীয়া হেল্পলাইন নম্বৰ। ৰাইজৰ সহায়ক হোৱাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে স্বাস্থ্য বিভাগেও। যিকোনো সহায়ৰ বাবে ০১১–২৩০৬১৩০২/২৩০৬৩২০৫/২৩০৬১৪৬৯ হেল্পলাইন নম্বৰ মুকলি স্বাস্থ্য বিভাগৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি