অসমত ‘ফণী’ৰ আতংক। বিমান সেৱা বাতিল, গুৱাহাটীত লুইতৰ বুকুত ফেৰী বন্ধ

অসমত এতিয়া কাল ধুমুহা ‘ফণী’ৰ আতংক। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দুটা কেটেগৰীত সতৰ্কতা জাৰি কৰাৰ পিছতে বাতিল হৈছে গুৱাহাটীৰ পৰা কলকাতালৈ যাত্ৰা কৰিবলগীয়া বিমান।


Updated:May 3, 2019, 11:55 PM IST
অসমত ‘ফণী’ৰ আতংক। বিমান সেৱা বাতিল, গুৱাহাটীত লুইতৰ বুকুত ফেৰী বন্ধ
‘ফনী’ৰ প্ৰভাৱ পৰিব অসমত

Updated: May 3, 2019, 11:55 PM IST
অসমত এতিয়া কাল ধুমুহা ‘ফণী’ৰ আতংক। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দুটা কেটেগৰীত সতৰ্কতা জাৰি কৰাৰ পিছতে বাতিল হৈছে গুৱাহাটীৰ পৰা কলকাতালৈ যাত্ৰা কৰিবলগীয়া বিমান। কাল ধুমুহা ‘ফণী’ৰ বাবেই বিমানসেৱা বাতিল কৰাত গুৱাহাটী বিমানবন্দৰত যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ। আনহাতে বন্ধ হৈ পৰিছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী। ইপিনে ডিমা হাচাওত ‘ফণী’ৰ বাবে জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কতা। বন্ধ দিয়া হৈছে বিদ্যালয়, মহাবিদ্যালয়। ৭২ ঘণ্টাৰ বাবে গধূৰ যান–বাহন চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।
আৰু চাওক পৰৱৰ্তী বাতৰি