ওড়িশা আহি পালে কাল ধুমুহা ‘ফনী’, বিভীষিকা আৰম্ভ।

News18-Assam
Updated:May 3, 2019, 12:21 PM IST
ওড়িশা আহি পালে কাল ধুমুহা ‘ফনী’, বিভীষিকা আৰম্ভ।
ওড়িশাৰ উপকূলত খুন্দা মাৰিলে ‘ফনী’য়ে। পুৱাৰে পৰা প্ৰচণ্ড ধুমুহা আৰু বৃষ্টিপাত।

ওড়িশাৰ উপকূলত খুন্দা মাৰিলে ‘ফনী’য়ে। পুৱাৰে পৰা প্ৰচণ্ড ধুমুহা আৰু বৃষ্টিপাত।

  • Share this:
আহি পালে কাল ধুমুহা ‘ফনী’। ওড়িশাৰ উপকূলত খুন্দা মাৰিলে ‘ফনী’য়ে। পুৱাৰে পৰা প্ৰচণ্ড ধুমুহা আৰু বৃষ্টিপাত। ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত অহা ‘ফনী’য়ে স্পৰ্শ কৰিলে উপকূলৱৰ্তী অঞ্চলত। সাগৰৰ পাৰৰ পৰা স্থানান্তৰ কৰা হৈছে সকলোকে। ইতিমধ্যে হাই এলাৰ্ট জাৰি প্ৰশাসনৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মুকলি কৰিলে হেল্পলাইন নম্বৰ। কিবা থাকিলে ফোন কৰি জনাব পাৰিব 1938 নম্বৰত। পশ্চিমবংগৰ দিশে গতি কৰিছে কাল ধুমুহাই। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাতিল কৰিছে সকলো ৰেলী। উত্তৰ–পূবতো প্ৰভাৱ পৰিব ‘ফনী’ৰ। অসমৰ কেইবাখন জিলা চুই যাব ‘ফনী’য়ে।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading