৪০ লাখ টকা ডকাইতিৰ ঘটনাৰে জড়িতৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ

মহানগৰ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব চাৰিওজনকে। সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড এতিয়াও পলাতক।

News18-Assam
Updated:August 28, 2019, 1:11 PM IST
৪০ লাখ টকা ডকাইতিৰ ঘটনাৰে জড়িতৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ
মহানগৰ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব চাৰিওজনকে। সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড এতিয়াও পলাতক।
News18-Assam
Updated: August 28, 2019, 1:11 PM IST
মহানগৰীৰ ফাঁচী বজাৰৰ ফেডাৰেল বেংকৰ ডকাইতি কাণ্ড সন্দৰ্ভত চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মঙলবাৰে ডকাইতে লুটি নিছিল ফেডাৰেল বেংকৰ ৪০ লাখ টকা। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে গাড়ী চালক বলোৰাম কলিতা, নিৰাপত্তাৰক্ষী ভৱেশ কলিতাৰ লগতে তাপস বসু আৰু জাকিফৰ ৰহমান নামৰ আন দুজনক। তাপস আৰু জাকিফৰ ভি এছ এল নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী।

বৰ্তমান পাণবজাৰ আৰক্ষীৰ জিম্মাত আছে চাৰিওজন অভিযুক্ত। মহানগৰ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব চাৰিওজনকে। সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড এতিয়াও পলাতক।
আৰু চাওক পৰৱৰ্তী বাতৰি