• Home
  • »
  • News
  • »
  • assam
  • »
  • Dr. Bipul Hatikakoty : দুখীয়াৰ দুখ বুজা নাজিৰাৰ মানৱদৰদী চিকিৎসক ডাঃ বিপুল হাতীকাকতি আৰু নাই

Dr. Bipul Hatikakoty : দুখীয়াৰ দুখ বুজা নাজিৰাৰ মানৱদৰদী চিকিৎসক ডাঃ বিপুল হাতীকাকতি আৰু নাই

চাৰি দশকতকৈও অধিক কাল চিকিৎসা সেৱা আগবঢ়াই জীৱন নাট সামৰিলে  ডাঃ হাতীকাকতিয়ে

চাৰি দশকতকৈও অধিক কাল চিকিৎসা সেৱা আগবঢ়াই জীৱন নাট সামৰিলে  ডাঃ হাতীকাকতিয়ে

চাৰি দশকতকৈও অধিক কাল চিকিৎসা সেৱা আগবঢ়াই জীৱন নাট সামৰিলে  ডাঃ হাতীকাকতিয়ে

  • Share this:
৮০ৰ দশকৰ পৰাই নাজিৰাবাসীৰ বাবে এটা চিনাকি নাম আছিল ডাঃ বিপুল হাতীকাকতি। দৰিদ্ৰ তথা আৰ্তজনৰ বাবে দেৱদূত সদৃশ হৈ পৰা শিৱসাগৰ জিলা নাজিৰাৰ মানৱদৰদী চিকিৎসক, সমাজকৰ্মী ডা° বিপুল হাতীকাকতিৰ চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে৷

মানৱদৰদী চিকিৎসকগৰাকীৰ মৃৃত্যু হোৱাৰ বাতৰি  বিয়পি পৰাৰ লগে লগেই নাজিৰাৰ স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰে। ১৯৭৮ চনতে মেডিকেল শিক্ষা সাং কৰি নাজিৰা নগৰত ব্যক্তিগত চেম্বাৰত চিকিৎসা সেৱা আৰম্ভ কৰি বিগত ৪৪ বছৰে নাজিৰাবাসী প্ৰতিজন নাগৰিকৰ বাবে এক চিনাকি নাম হৈ পৰা মানৱদৰদী চিকিৎসকজনৰ নাজিৰাবাসীৰ ওচৰত আছিল এক সুকীয়া পৰিচয়।

বিগত ৪৪ বছৰীয়া কৰ্মজীৱনত কোনোদিনে চিকিৎসাৰ বাবে কোনো নিৰ্দিষ্ট ফীজ নিৰ্ধাৰণ কৰি নোপোৱা চিকিৎসজনে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই আহিছিল। কেতিয়াবা যদি চিকিৎসাৰ বিনিময়ত কোনোজনে ২০ টকীয়া এটা নোট হাতত গুজি দিছিল আন কোনোজনক আকৌ ঔষধকেইটাও নিজে ক্ৰয় কৰি হাতত তুলি দিছিল চিকিৎসকজনে (Dr. Bipul Hatikakoty)।

নাজিৰাৰ প্ৰতিজন ব্যক্তিৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তোলা সু-চিকিৎসকজন বিগত কিছুদিন ধৰি এক জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চেন্নাইৰ এপল' চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

শনিবাৰে নিশা প্ৰায় ১০ বজাত চেন্নাইত চিকিৎসাধীন অৱস্থাতে তেওঁৰ দেহাৱসান ঘটাৰ বাতৰি লাভ কৰাৰ লগে লগেই নাজিৰা নগৰস্থিত তেওঁৰ বাসগৃহত অগণন গুণমুগ্ধই ভিৰ কৰেহি। ৬৮ বছৰীয়া চিকিৎসকজনৰ নশ্বৰ দেহ আজি নাজিৰাৰ গৃহ আহি পায়হি।

মৃত্যুৰ সময়ত হাতীকাকতিয়ে পত্নীৰ লগতে এগৰাকী কন্যা আৰু অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে। জনপ্ৰিয় চিকিৎসকজনৰ মৃত্যুত নাজিৰা মহকুমা প্ৰশাসন, বিভিন্ন দল-সংগঠনৰ লগতে নাজিৰা প্ৰেছ ক্লাব, মুক্ত সাংবাদিক সন্থা নাজিৰা, সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ নাজিৰা, বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোহাঁই, নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, স্বেচ্ছাসেৱী সংগঠন প্ৰৱাহ, আশ্ৰয়, নাজিৰা ব্যৱসায়ী সন্থা আদি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।
Published by:Gautam Barman
First published: