দুবছৰ ধৰি শুংসূত্ৰ নাই বিটিএডিৰ ছেৰফাংগুৰিত অপহৰণ হোৱা তামাৰহাটৰ প্ৰদীপ শীলৰ। মটৰচাইকেলৰ মিস্ত্ৰী প্ৰদীপক নিজ দোকানৰ পৰা ২০১৯ চনৰ ২৭ ছেপ্টেম্বৰত অপহৰণ কৰি নিছিল দুষ্কৃতিকাৰীয়ে। সোমবাৰে গোসাঁইগাঁও প্ৰেছ ক্লাবত দুবছৰ পূৰ্বে অপহৃত প্ৰদীপ শীলৰ পৰিয়ালে সংবাদ মেল দিয়ে।
সংবাদ মেলত প্ৰদীপ শীলৰ পৰিয়ালৰ লোকে ২০১৯ চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে ছেৰফাংগুৰি বজাৰৰ পৰা অপহৃত হোৱা প্ৰদীপ শীলৰ মুক্তিৰ দাবী জনায়। কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি বজাৰত মটৰচাইকেল মেৰামতি কৰি অতি দুখ আৰু কষ্টৰ মাজেৰে পৰিয়াল পোহপাল দিয়া প্ৰদীপ শীলৰ মুক্তিপণ পাঁচ লাখ টকা আদায় দিয়াৰ পিছতো আজিলৈকে দুৰ্বৃত্তই মুকলি কৰি নিদিয়া ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতৃত্বই৷
আজি অপহৃত প্ৰদীপ শীলৰ দুৰ্ভগীয়া পিতৃ কানাই শীল আৰু মাতৃ সুধাৰাণী শীল কান্দোনত ভাঙি পৰে। পিতৃ–মাতৃয়ে কান্দি কান্দি অপহৃত সন্তানৰ প্ৰাণ ভিক্ষা মাগিছে৷ অপহৃত প্ৰদীপ শীলৰ মাতৃয়ে মূৰৰ ওৰণি হাতত লৈ পুত্ৰৰ জীৱন ভিক্ষা মাগে। লগতে পৰিয়ালত এটা চৰকাৰী চাকৰিৰ বাবে অনুৰোধ জনালে প্ৰদীপ শীলৰ মাতৃ আৰু পত্নীয়ে।
প্ৰদীপ শীলৰ মাতৃয়ে জানিবলৈ দিয়া মতে, অপহৰণকাৰীক মুক্তিপণ দিবলৈ গৈ ঘৰ, মাটি বিক্ৰী কৰি এতিয়া একেবাৰে সৰ্বস্বান্ত হৈ পৰিছে। প্ৰদীপ শীলৰ অপহৰণৰ পিছত অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী–বিধায়ক প্ৰদীপ শীলৰ ঘৰলৈ আহি সমবেদনা জনোৱাৰ লগতে প্ৰদীপ শীলৰ শিক্ষিতা পত্নীক এটা চৰকাৰী চাকৰিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিছিল। কিন্তু সেয়া কাৰ্যতঃ হৈ নুঠিল।
উল্লেখ্য যে মটৰচাইকেল মেৰামতি কৰাৰ কথা কৈ প্ৰদীপ শীলক দোকানৰ পৰা মাতি লৈ যোৱাৰ পিছত তেওঁক অপহৰণ কৰা বুলি ৬০২৬৪৬৭৩৪১ নম্বৰৰ পৰা মুক্তি পণ দাবী কৰিছিল। কিন্তু প্ৰদীপ শীল আজি দুটা বছৰে নিৰুদ্দেশ। কোকৰাঝাৰ জিলা আৰক্ষী প্ৰশাসনে অপহৃত প্ৰদীপ শীলৰ শূংসূত্ৰ উলিয়াবলৈ সক্ষম নহল। সদৌ অসম বাংগালী যুৱ ছাত্র ফেডাৰেচনৰ গোসাঁইগাঁও জিলা সমিতিয়ে প্ৰদীপ শীলৰ পৰিয়ালত এটা চৰকাৰী চাকৰি দিবলৈ দাবী জনোৱাৰ লগতে পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|