গাহৰি পালন কৰাই হ’ল অপৰাধ, এটা পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰিলে শংকৰ সমাজে

News18 Assam | News18-Assam
Updated:February 9, 2020, 6:45 PM IST
গাহৰি পালন কৰাই হ’ল অপৰাধ, এটা পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰিলে শংকৰ সমাজে
এটা পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰিলে শংকৰ সমাজে

এটা পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰিলে শংকৰ সমাজে

  • Share this:
সামাজিক ব্যাধি! ৰক্ষণশীল সমাজৰ ধৰ্মীয় গোড়ামীৰ বাবেই বিগত তিনি বছৰ ধৰি এটা পৰিয়ালক সামাজিকভাৱে  বৰ্জন কৰা হৈছে। গাহৰি পালন কৰি স্বাৱলম্বী হোৱা এটা পৰিয়াললৈ  শংকৰ সমাজে জাৰি কৰা ফটোৱাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷

গাহৰি পালন কৰাই যেন কাল হ'ল তেজপুৰ বালিশিহাৰ এটা পৰিয়ালৰ। জীৱিকা নিৰ্বাহ কৰিবলৈ এটা পৰিয়ালে, গাঁওখনৰ মূৰব্বীৰ পৰা মৌখিকভাৱে অনুমতি লৈ আৰম্ভ কৰিছিল এখন গাঁহৰিৰ ফাৰ্ম৷ ঘৰৰ পিছফালে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত খোলা এই ফাৰ্মখন পিছলৈ অনুমতি প্ৰদান কৰা সেই একেজন গাঁৱৰ মুৰব্বীয়েই বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে৷ কিন্তু পৰিয়ালটোৱে একমাত্ৰ উপাৰ্জনৰ পথ গাঁহৰি ফাৰ্মখন বন্ধ নকৰাৰ সিদ্ধান্ত লয়।

ইয়াৰ পিছতেই  সমাজৰ ৰোষত পৰে  দুৰ্ভগীয়া পৰিয়ালটো ৷ শংকৰ সমাজৰ অধীনস্থ নিয়ম–নীতিৰ বিপৰীতে যোৱাৰ বাবেই পৰিয়ালটোৰ ওপৰত জাৰি কৰা হ'ল ফটোৱা৷

বৰ্জন কৰা হ'ল সামাজিকভাৱে৷ গাঁৱৰ কোনো অনুষ্ঠানলৈ নিমন্ত্ৰণ নজনোৱাৰ লগতে গাঁওখনৰ আন লোকৰ সৈতে কথা–বতৰা পতাতো বাধা আৰোপ কৰা হ'ল পৰিয়ালটোক ৷

উপায়ন্ত হৈ পৰিয়ালটোৱে গাঁওখনৰ ২০ টা পৰিয়ালৰে গঠিত শংকৰ সমাজৰ প্ৰাথমিক গোটক তেওঁলোকৰ ওপৰত জাৰি কৰা ফটোৱা আঁতৰাবলৈ বহুবাৰ অনুৰোধ জনাই যদিও নাপালে কোনো সুফল। এতিয়া পৱিত্ৰ স্থান নামঘৰ,গাঁৱৰ বিয়া-সভা,আনকি ওচৰ -চুবুৰীয়া লোকৰ ঘৰলৈ অহা-যোৱাৰ ক্ষেত্ৰত বাধা দিয়া হ'ল  পৰিয়ালটোক । ফলত  দুৰ্ভগীয়া  পৰিয়ালটোৱে বৰ্তমান সমাজৰ পৰা এঘৰীয়া হৈ জীৱন কটোৱা পৰিলক্ষিত হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি