এটি পুত্ৰ সন্তান জন্ম দিয়েই দুৰ্ভাগ্য জনক ভাবে মৃত্য়ুক সাৱটিলে ৰূপম ভূঞাৰ পত্নী তথা নলবাৰী এম এন চি কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপিকা মানশ্ৰী বৰুৱাই। বুধবাৰে এটি পুত্ৰ সন্তান জন্মদিয়াৰ ছঘণ্টা ধৰি সুস্থ অৱস্থাত আছিল মানশ্ৰী। কিন্তু সন্ধিয়া ৭ বজাত মানশ্ৰীয়ে কিছু বিষ অনুভৱ কৰে। তেতিয়া লগে লগে চিকিৎসকে তেওঁক আই চি ইউ কক্ষত ভৰ্তি কৰে। আৰু নিশা প্ৰায় ১১.১৫ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় মানশ্ৰীয়ে।
‘দৈনিক অসম’ কাকতত প্ৰকাশ পোৱা বাতৰি অনুসৰি, মানশ্ৰীৰ মৃত্যুৰ পিছতে এতিয়া চিকিৎসালয় খনৰ বিৰুদ্ধে উঠিছে গাফিলতিৰ অভিযোগ। চিকিৎসালয়খনে মানশ্ৰীৰ মৃত্যুৰ কাৰণ উল্লেখ নকৰাৰ লগতে, মৃ্ত্যুৰ প্ৰমাণ পত্ৰ নিদিয়াকৈ মৃতদেহ পঠিয়াই দিয়াত এতিয়া চিকিৎসালয়খনৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠিছে।
বৰ্তমান সদ্যোজাত সন্তানটি সুস্থ অৱস্থাতে চিকিৎসালয়খনত আছে বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত মানশ্ৰীয়ে স্বামী ৰূপম ভূঞা, সদ্যোজাত পুত্ৰ সন্তানটি, ন বছৰীয়া কন্যা আৰু শহুৰ, শাহুৰক ইহ সংসাৰত এৰি থৈ যায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|