মহানগৰীত নিষিদ্ধ হ’ল ফালুদা, NEWS18ৰ বাতৰিৰ পিছতে খাদ্য সুৰক্ষা বিভাগৰ অভিযান

শৌচাগাৰত আইচক্ৰীম, কুলফিৰ কণ্টেইনাৰ মজুত ৰখাৰ দৃশ্য ফাদিল কৰিছিল একমাত্ৰ NEWS18–এ।

News18-Assam
Updated:October 1, 2019, 5:18 PM IST
মহানগৰীত নিষিদ্ধ হ’ল ফালুদা, NEWS18ৰ বাতৰিৰ পিছতে খাদ্য সুৰক্ষা বিভাগৰ অভিযান
শৌচাগাৰত আইচক্ৰীম, কুলফিৰ কণ্টেইনাৰ মজুত ৰখাৰ দৃশ্য ফাদিল কৰিছিল একমাত্ৰ NEWS18–এ।
News18-Assam
Updated: October 1, 2019, 5:18 PM IST
মহানগৰীত নিষিদ্ধ হ’ল আইচক্ৰীম আৰু কুলফি প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ফালুদা। NEWS18ৰ বাতৰিৰ পিছতে আজি ফালুদাৰ কাৰখানাত অভিযান চলায় খাদ্য সুৰক্ষা বিভাগে। অভিযানৰ সময়ত কাৰখানা এৰি পলায়ন কৰে প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীয়ে। সোমবাৰে NEWS18–এ সম্প্ৰচাৰ কৰিছিল ফালুদাই এক পুতি দুৰ্গন্ধময় পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ দৃশ্য।

শৌচাগাৰত আইচক্ৰীম, কুলফিৰ কণ্টেইনাৰ মজুত ৰখাৰ দৃশ্য ফাদিল কৰিছিল একমাত্ৰ NEWS18–এ। তাৰ পিছতে আজি খাদ্য সুৰক্ষা বিভাগে অভিযান চলায় ফালুদাৰ কাৰখানাত। অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰা ফালুদাক নিষিদ্ধ কৰে খাদ্য সুৰক্ষা বিভাগে।



উল্লেখযোগ্য গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ফালুদাই এইদৰে গ্ৰাহকক যোগান ধৰি আহিছিল অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা খাদ্য সামগ্ৰী। খাদ্যৰ নামত বৰবিহ বিক্ৰী কৰা প্ৰতিষ্ঠানটোৱে বিভিন্ন স্থানত ভ্ৰাম্যমাণ বাহনেৰে চলাই আহিছিল ব্যৱসায়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি