জিতেন দত্তৰ নাম মহানগৰীৰ হোটেলত ধনদাবী, আৰক্ষীৰ জালত দুই ভুৱা আলফা

News18 Assam | News18-Assam
Updated:October 20, 2020, 5:03 PM IST
জিতেন দত্তৰ নাম মহানগৰীৰ হোটেলত ধনদাবী, আৰক্ষীৰ জালত দুই ভুৱা আলফা
লোক দুজনৰ পৰা উদ্ধাৰ হয় ৩টাকৈ মোবাইল আৰু বহুকেইখন ধনদাবী প্ৰত্ৰ৷ প্ৰাথমিক জেৰাত আৰক্ষীৰ আগত ধনদাবীৰ কথা স্বীকাৰ কৰিছে দুয়ো৷

লোক দুজনৰ পৰা উদ্ধাৰ হয় ৩টাকৈ মোবাইল আৰু বহুকেইখন ধনদাবী প্ৰত্ৰ৷ প্ৰাথমিক জেৰাত আৰক্ষীৰ আগত ধনদাবীৰ কথা স্বীকাৰ কৰিছে দুয়ো৷

  • Share this:
আলোচনাপন্থী আলফাৰ নামত এতিয়া গুৱাহাটীত চলিছে ধনদাবী৷ টাৰ্গেট একাংশ ধনী ব্যৱসায়ী৷ বহিষ্কৃত আলফা নেতা জিতেন দত্তৰ নামত মাত্ৰ  ১০ৰ পৰা ২০ হাজাৰ টকাৰ ধনদাবী পত্ৰ প্ৰেৰণ কৰে মহানগৰীৰ বচা বচা একাংশ ব্যৱসায়ীলৈ৷ শেহতীয়াকৈ মহানগৰী মাজমজিয়াৰ অতিথি হোটেলত জিতেন দত্তৰ নামত ১ লাখ টকাৰ ধনদাবীৰ প্ৰত্ৰ দিছিল দুই ভুৱা আলফা কেডাৰ ৰাজু দাস আৰু প্ৰণৱ ভূঞাই ৷

আলফাৰ নামত পত্ৰ পোৱাৰ লগে লগে হোটেলখনৰ কৰ্তৃপক্ষই অৱগত কৰিছিল আৰক্ষীক৷ আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে ধনদাবী প্ৰত্ৰখনত থকা দুয়োটা মোবাইল নম্বৰ ট্ৰেক কৰি সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে এই দুই ভুৱা আলফা কেডাৰ ৰাজু দাস আৰু প্ৰণৱ ভূঞাক৷

লোক দুজনৰ পৰা উদ্ধাৰ হয় ৩টাকৈ মোবাইল আৰু বহুকেইখন ধনদাবী প্ৰত্ৰ৷ প্ৰাথমিক জেৰাত আৰক্ষীৰ আগত ধনদাবীৰ কথা স্বীকাৰ কৰিছে দুয়ো৷ বিগত এটা বছৰে কেৱল পেটৰ তাড়নাত মহানগৰীৰ একাংশ বচা বচা ব্যৱসায়ীলৈ ধনদাবী প্ৰত্ৰ প্ৰেৰণ কৰাৰ কথা স্বীকাৰ কৰে ধৃত দুয়োজনে৷

ইতিমধ্যে বহুকেইজন ব্যৱসায়ীৰ পৰা এই প্ৰক্ৰিয়াৰে ধন লোৱাৰ কথাও স্বীকাৰ কৰে দুই ভুৱা আলফা কেডাৰে৷ দুই অভিযুক্তই সকলো স্বীকাৰ কৰিলেও অধিক তথ্য লাভৰ বাবে সম্প্ৰতি ক্ৰাইম বাঞ্চে পৃথকে পৃথকে সোধা–পোছা কৰি আছে দুয়োকে৷
Published by: Sanjay Kumar Das
First published: October 20, 2020, 5:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading