আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল নাহৰকটীয়াৰ এজন লোক 

News18 Assam | News18-Assam
Updated:October 4, 2020, 1:08 PM IST
আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল নাহৰকটীয়াৰ এজন লোক 
নাহৰকটীয়া আৰক্ষীয়ে 167/20 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

নাহৰকটীয়া আৰক্ষীয়ে 167/20 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

  • Share this:
আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হল নাহৰকটীয়াৰ চাচনীৰ মুহানী গাঁৱৰ নিৰন কোঁৱৰ নামৰ এজন ভুৱা আলফা। উল্লেখযোগ্য যে নাহৰকটীয়াৰ অমিত ভাৰাতীয়া নামৰ ব্যৱসায়ীজনক বৃহস্পতিবাৰে আলফা স্বাধীনৰ নামত ৩ লাখ টকা দাবী কৰিছিল নিৰন কোঁৱৰে।

ইফালে ব্যৱসায়ীজনে নাহৰকটীয়া আৰক্ষী থানাত সমগ্ৰ ঘটনা অৱগত কৰাৰ পিছতেই শনিবাৰে ভুৱা আলফা সদস্যজনে দাবী কৰা ধন নিবলৈ আহোতেই নামৰূপৰ উপ–আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্টাচাৰ্য আৰু নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষী দলে নাহৰকটীয়া নগাঁও তিনিআলিৰ পৰা ভুৱা আলফাটোক হাতে-লোটে ধৰাৰ লগতে এটা মোবাইল ফোন, আলফাৰ কৰ্ণেল প্ৰদীপ অসম স্বাক্ষৰ সম্বলিত পেড জব্দ কৰিবলৈ সক্ষম হয়। নাহৰকটীয়া আৰক্ষীয়ে 167/20 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Published by: Sanjay Kumar Das
First published: October 4, 2020, 1:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি