உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভুৱা প্ৰমাণপত্ৰৰে দিবলৈ আহিছিল আৰক্ষীৰ সাক্ষাৎকাৰ, মুছলপুৰত জালত পৰিল পৰীক্ষাৰ্থীসহ তিনিজন লোক

    ভুৱা প্ৰমাণপত্ৰৰে দিবলৈ আহিছিল আৰক্ষীৰ সাক্ষাৎকাৰ, মুছলপুৰত জালত পৰিল পৰীক্ষাৰ্থীসহ তিনিজন লোক

    যুৱকজনক এই বিষয়ে সোধা-পোছা কৰাত নথি-পত্ৰসমূহ ভুৱা বুলি স্বীকাৰ কৰে আৰু পাঁচ হাজাৰ টকাৰ বিনিময়ত সংগ্ৰহ কৰা বুলি আৰক্ষীক জনায়৷

    যুৱকজনক এই বিষয়ে সোধা-পোছা কৰাত নথি-পত্ৰসমূহ ভুৱা বুলি স্বীকাৰ কৰে আৰু পাঁচ হাজাৰ টকাৰ বিনিময়ত সংগ্ৰহ কৰা বুলি আৰক্ষীক জনায়৷

    যুৱকজনক এই বিষয়ে সোধা-পোছা কৰাত নথি-পত্ৰসমূহ ভুৱা বুলি স্বীকাৰ কৰে আৰু পাঁচ হাজাৰ টকাৰ বিনিময়ত সংগ্ৰহ কৰা বুলি আৰক্ষীক জনায়৷

    • Share this:
    বিটিআৰত ভুৱা নথি-পত্ৰৰে টেট শিক্ষকৰ চাকৰি লৈ কেইবাগৰাকীও টেট শিক্ষক গ্ৰেপ্তাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ বাক্সা জিলাৰ মুছলপুৰত চলি থকা অসম আৰক্ষীৰ সাক্ষাৎকাৰত শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰি আৰক্ষীৰ জালত পৰে পৰীক্ষাৰ্থীসহ তিনিগৰাকী লোক৷

    জানিব পৰা মতে, বুধবাৰে জিলাখনৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বৰবৰীৰ আৰক্ষী ছাউনীত চলি থকা অসম আৰক্ষীৰ সাক্ষাৎকাৰত উৎসৱ দাস নামৰ এজন যুৱকে তেওঁ প্ৰদৰ্শন কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নথি-পত্ৰ সমূহৰ ওপৰত সন্দেহ ওপজে৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ ডকুমেণ্ট চেলৰ দায়িত্বত থকা বিষয়াই যুৱকজনৰ শিক্ষাগত অৰ্হতাৰ নথি-পত্ৰসমূহ তন্ন তন্নকৈ পৰীক্ষা‌ কৰাত ভুৱা বুলি প্ৰমাণ হয় আৰু সমগ্ৰ ঘটনা পোহৰলৈ আহে৷

    যুৱকজনক এই বিষয়ে সোধা-পোছা কৰাত নথি-পত্ৰসমূহ ভুৱা বুলি স্বীকাৰ কৰে আৰু পাঁচ হাজাৰ টকাৰ বিনিময়ত সংগ্ৰহ কৰা বুলি আৰক্ষীক জনায়৷ পিছত উৎসৱ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত এই জালিয়াতি চক্ৰৰ লগত জড়িত থকা অনুপম দাস আৰু শৈলেন বৰ্মন নামৰ আন দুগৰাকী ব্যক্তিকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

    মুছলপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোণোৱালে জানিবলৈ দিয়া মতে, এই ভুৱা নথি-পত্ৰ যোগান ধৰাৰ অন্তৰালত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে কিছু তথ্য সদৰি কৰাৰ পৰা বিৰত থাকে। সম্প্ৰতি তিনিওগৰাকী যুৱককে আৰক্ষীয়ে মুছলপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে উৎসৱ দাস আৰু অনুপম দাসৰ ঘৰ মুছলপুৰৰ সমীপৱৰ্তী বেলগুৰি পথাৰত আৰু শৈলেন বৰ্মনৰ ঘৰ বজালী জিলাৰ নিত্যানন্দত বুলি জানিব পৰা গৈছে।
    Published by:Sanjay Kumar Das
    First published: