‘পত্নীক এৰি প্ৰেমিকাক পাতো বিয়া’ ন্যায়াধীশৰ জাল চহীৰে দ্বিতীয় বিবাহৰ চেষ্টা এজনৰ

News18 Assam | News18-Assam
Updated:February 3, 2020, 6:05 PM IST
‘পত্নীক এৰি প্ৰেমিকাক পাতো বিয়া’ ন্যায়াধীশৰ জাল চহীৰে দ্বিতীয় বিবাহৰ চেষ্টা এজনৰ
ন্যায়াধীশৰ জাল চহীৰে প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ দিছিল প্ৰমাণ

ন্যায়াধীশৰ জাল চহীৰে প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ দিছিল প্ৰমাণ

  • Share this:
‘আচৰিত কাণ্ড! পত্নীক এৰি প্ৰেমিকাক বিয়া পাতিব লাগে। মুঠতে প্ৰথমখন বিবাহ বিচ্ছেদ হোৱা দেখুৱাই আকৌ পাতিব লাগে বিয়া। কি কৰা যায়.....অহ’ বুদ্ধি এটা পাইছো। প্ৰথমখন বিবাহ বিচ্ছেদ হ’ল বুলি ন্যায়াধীশৰ জাল চহীৰে দেখুৱাই দিও প্ৰমাণ পত্ৰ। কোনেকো চাই থাকিব!’ কিন্তু তাতেই লাগিল কেনা!

গুৱাহাটী মহানগৰতে সংঘটিত হৈছে এই প্ৰৱঞ্চনাৰ ঘটনা। প্ৰেমৰ বাবে ভুৱা চহী কৰি আৰক্ষীৰ জালত পৰিল এজন ব্যক্তি। গুৱাহাটীৰ এই ব্যক্তিজনৰ নাম হৈছে সুবিৰ সৰকাৰ।পেচাত এজন ব্যৱসায়ী। প্ৰথম পত্নীৰে বিবাহ বিচ্ছেদ কৰি দ্বিতীয় বিবাহ কৰোৱাৰ মন এই ব্যক্তিজনৰ। পাৰিবাৰিক আদালতৰ ন্যায়াধীশৰ জাল চহী কৰি আৰক্ষীৰ জালত পৰিল সুবিৰ সৰকাৰ।

বিবাহিত সুবিৰ  প্ৰেমত পৰিছিল শিৱসাগৰৰ এগৰাকী যুৱতীৰ সৈতে। গতিকে নতুন প্ৰেয়সীক বিয়া কৰাবলৈ  প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পত্ৰত পাৰিবাৰিক ন্যায়ালয়ৰ ন্যায়ধীশৰ জালি চহী কৰিছিল ব্যক্তিজনে। বিবাহৰ বাবে প্ৰস্তাৱ দিয়া প্ৰেয়সী ন্যায়াধীশৰ কাষ চপাত ওলাই পৰিল জুলুঙাৰ মেকুৰি।

পিছত পাৰিবাৰিক ন্যায়ালয়ৰ ন্যায়াধীশৰ গোচৰৰ ভিত্তিত ভৰলু আৰক্ষীয়ে সোমাবাৰে গ্ৰেপ্তাৰ কৰে সুবিৰ সৰকাৰক। ইতিমধ্যে আৰক্ষীৰ জেৰাত নিজৰ ভুল স্বীকাৰ কৰিছে সৰকাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি