হোজাইৰ মোৰাঝাৰত আৰক্ষীৰ জালত ভুৱা RTI কৰ্মী, টকা আনিবলৈ গৈ পৰিল জালত

News18 Assam | News18-Assam
Updated:February 23, 2021, 9:48 AM IST
হোজাইৰ মোৰাঝাৰত আৰক্ষীৰ জালত ভুৱা RTI কৰ্মী, টকা আনিবলৈ গৈ পৰিল জালত
আজমল ফাউণ্ডেচনত RTI আবেদন কৰি ধন বিচৰাৰ সময়ত হাতে-লোটে হোজাই আৰক্ষীয়ে আটক কৰে মোৰাঝাৰৰ জমিৰ উদ্দিন নামৰ লোকজনক৷

আজমল ফাউণ্ডেচনত RTI আবেদন কৰি ধন বিচৰাৰ সময়ত হাতে-লোটে হোজাই আৰক্ষীয়ে আটক কৰে মোৰাঝাৰৰ জমিৰ উদ্দিন নামৰ লোকজনক৷

  • Share this:
হোজাইৰ মোৰাঝাৰত আৰক্ষীৰ জালত ভুৱা RTI কৰ্মী। ভুৱা RTI কৰ্মী জমিৰ উদ্দিন ওৰফে কালা জমিৰে RTI আবেদন কৰি ধনদাবী কৰাৰ অভিযোগ। হোজাইত আজমল ফাউণ্ডেচনত RTI আবেদন কৰি আজমল ফাউণ্ডেচনত টকা আনিবলৈ গৈ জালত আৰক্ষীৰ জালত পৰে জমিৰ। তথ্য জনাৰ অধিকাৰ আইনৰ অপব্যৱহাৰ কৰি হোজাই জিলাত একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছিল জমিৰে।

আজমল ফাউণ্ডেচনত RTI আবেদন কৰি ধন বিচৰাৰ সময়ত হাতে-লোটে হোজাই আৰক্ষীয়ে আটক কৰে মোৰাঝাৰৰ জমিৰ উদ্দিন নামৰ লোকজনক৷ নিজকে কৃষক সংগ্ৰাম সমিতিৰ সভাপতি বুলি পৰিচয় দি বিভিন্ন বিভাগত RTI কৰিছিল জমিৰ উদ্দিনে৷ তাৰ পিছত ধন বিচাৰি ব্লেকমেইলিঙত লিপ্ত হয় ভুৱা RTI কৰ্মীজন৷

পূৰ্বেও RTI ৰ নামত ধন বিচৰাৰ বাবে কেইবাবাৰো জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। ভুৱা RTI কৰ্মীজনে আজমল ফাউণ্ডেচনত সহায় বিচাৰি পুৰ্বেও সংগ্ৰহ কৰিছিল ৫০ হাজাৰ টকা৷ তাৰ পিছত পুনৰ ধন বিচাৰি হাৰাশাস্তি চলাইছিল আজমল ফাউণ্ডেচনৰ বিষয়াসকলক৷ ধন লাভ নকৰি জমিৰ উদ্দিনে RTI যোগে আজমল ফাউণ্ডেচনৰ কিছু তথ্য বিচাৰিছিল৷ তথ্য প্ৰদান কৰাৰ পিছতো পুনৰ RTI আইনৰ জৰিয়তে তথ্য বিচাৰিছিল লোকজনে৷ তাৰ পিছতে RTI উঠাই লোৱাৰ বাবদ ধন বিচাৰি ব্লেকমেইলিঙত লিপ্ত হয় জমিৰ উদ্দিন৷

সোমবাৰে ভুৱা RTI কৰ্মীজনে আজমল ফাউণ্ডেচনৰ কাৰ্যালয়ত আহি সঞ্চালক ড০ খচৰুল ইছলামক ভাবুকি দি ধন বিচাৰে৷ আজমল ফাউণ্ডেচনে লগে লগে হোজাই আৰ‌ক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আটক কৰিছে ভুৱা RTI কৰ্মীজনক৷ ভুৱা RTI কৰ্মীজনে ধন বিচৰাৰ তথ্যসহ আজমল ফাউণ্ডেচনে হোজাই থানাত এটা গোচৰ দাখিল কৰিছে, ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by: Sanjay Kumar Das
First published: February 23, 2021, 9:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি