বৰপেটাৰোডত আৰ পি এফৰ ভুৱা উপ-পৰিদৰ্শক আটক

News18 Assam | News18-Assam
Updated:November 24, 2020, 9:03 AM IST
বৰপেটাৰোডত আৰ পি এফৰ ভুৱা উপ-পৰিদৰ্শক আটক
ৰে’ল আৰক্ষীৰ সন্দেহ ওপজাত প্ৰমাণ বিচৰে৷ যুৱকজনে পকেটৰ পৰা আৰ পি এফৰ ক্ৰাইম ব্ৰাঞ্চৰ এছ আই লিখা থকা এখন আইডেণ্টিটী কাৰ্ড উলিয়াই দিয়ে৷

ৰে’ল আৰক্ষীৰ সন্দেহ ওপজাত প্ৰমাণ বিচৰে৷ যুৱকজনে পকেটৰ পৰা আৰ পি এফৰ ক্ৰাইম ব্ৰাঞ্চৰ এছ আই লিখা থকা এখন আইডেণ্টিটী কাৰ্ড উলিয়াই দিয়ে৷

  • Share this:
বৰপেটাৰোডত আৰ পি এফৰ ভুৱা উপ-পৰিদৰ্শক আটক৷ আটকাধীন ভুৱা আৰ পি এফৰ উপ-পৰিদৰ্শক গৰাকীৰ নাম ফুলচান আলী৷ সোমবাৰে বৰপেটাৰোডৰ ৰে’লৱে আৰক্ষীয়ে ষ্টেচনটোৰ ১নং প্লেটফৰ্মত ৰে’ল যাত্ৰীৰ টিকট নিৰীক্ষণ কৰি থকাৰ সময়ত এইগৰাকী যুৱকৰো টিকট বিচৰাত যুৱকজনে নিজকে ৰে’লৱে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ উপ–পৰিদৰ্শক বুলি পৰিচয় দিয়ে৷

পিছত ৰে’ল আৰক্ষীৰ সন্দেহ ওপজাত প্ৰমাণ বিচৰে৷ যুৱকজনে পকেটৰ পৰা আৰ পি এফৰ ক্ৰাইম ব্ৰাঞ্চৰ এছ আই লিখা থকা এখন আইডেণ্টিটী কাৰ্ড উলিয়াই দিয়ে৷ ৰে’ল আৰক্ষীয়ে উক্ত আইডেণ্টিটী কাৰ্ডখন চাই ভুৱা বুলি নিশ্চিত হোৱাত যুৱকজনক আটক কৰে৷

ধৃত যুৱকজনৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে৷ ৰে’ল আৰক্ষীয়ে ভুৱা বিষয়াগৰাকীৰ পৰা আৰ পি এফৰ ক্ৰাইম ব্ৰাঞ্চৰ উপ–পৰিদৰ্শকৰ নামত থকা এখন আই কাৰ্ড, পঞ্চায়তৰ প্ৰমাণ পত্ৰ, এটিএম কাৰ্ড, এটা মোবাইল ফোন জব্দ কৰিছে৷ বৰ্তমান বৰপেটাৰোড ৰে’লৱে আৰক্ষীৰ লকআপত আছে আৰ পি এফৰ ভুৱা উপ–পৰিদৰ্শকজন।
Published by: Sanjay Kumar Das
First published: November 24, 2020, 9:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading