মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মৰিয়নীৰ নলাই নলাই ২০০০, ৫০০, ১০০ টকীয়া নোট! পিছতহে ওলাল জোলোঙাৰ মেকুৰী

মৰিয়নীৰ নলাই নলাই ২০০০, ৫০০, ১০০ টকীয়া নোট! পিছতহে ওলাল জোলোঙাৰ মেকুৰী

News18 Assam | News18-Assam
Updated:May 6, 2020, 4:55 PM IST
মৰিয়নীৰ নলাই নলাই ২০০০, ৫০০, ১০০ টকীয়া নোট! পিছতহে ওলাল জোলোঙাৰ মেকুৰী
স্থানীয় লোকে দাবী কৰা মতে, পেলাই থৈ যোৱা নোটবোৰৰ অধিকাংশ জাল নোটৰ বিপৰীতে আচল নোটো আছিল।

স্থানীয় লোকে দাবী কৰা মতে, পেলাই থৈ যোৱা নোটবোৰৰ অধিকাংশ জাল নোটৰ বিপৰীতে আচল নোটো আছিল।

  • Share this:
বুধবাৰে মৰিয়নীত দেখা গ'ল এক অভাৱনীয় দৃশ্য।মৰিয়নী নগৰৰ ৩ নং ৱাৰ্ডৰ কাৰ্তিক সৰকাৰ পথৰ নলাত ওলাল ২০০০, ৫০০ আৰু ১০০ টকীয়া নোট। কোৰোণা মহামাৰীৰ সংহাৰী ৰূপ আৰু লকডাউনৰ মাজতে নগৰৰ মাজ মজিয়াত এনেদৰে নগদ ধন সিঁচৰতি হৈ থকা দেখি মৰিয়নী নগৰবাসীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। নলাত হাজাৰ হাজাৰ টকা পৰি থকা বুলি মৰিয়নী নগৰত খবৰ বিয়পি পৰাত অঞ্চলটোত ভিৰ কৰিলে উৎসুক জনতাই।

কেইবাজনো লোকে দুহেজাৰ–পাঁচশ টকীয়া নোট দেখা পাই হাতত তুলিও ল'লে। কিন্তু ক্ষন্তেক সময়ৰ পিছত ৰাইজৰ মাজত হুৱাদুৱা লাগিল। কোৰোণা ভাইৰাছ বিয়পাবৰ বাবে কোনো দুষ্টচক্ৰই টকা পেলাই থৈ যোৱা বুলি ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। মৰিয়নী নগৰৰ কেইবাটাও স্থানত এনেদৰে টকা পেলাই থৈ যোৱা বুলি জানিব পাৰি অধিক আতংকিত হৈ পৰে ৰাইজ।

স্থানীয় লোকে দাবী কৰা মতে, পেলাই থৈ যোৱা নোটবোৰৰ অধিকাংশ জাল নোটৰ বিপৰীতে আচল নোটো আছিল। আচল নোটসমূহ একাংশ লোকে বুটলি লৈ যোৱা বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে।  পিছত সাংবাদিকৰ অনুসন্ধানত নলা–নৰ্দমাই পৰি থকা এখনো নোট প্ৰকৃত নোট নহয় বুলি নিশ্চিত হয়। দুহেজাৰ, পাঁচশ আৰু এশ টকীয়া  সকলো নোট ভুৱা বুলি প্ৰমাণিত হয়।

দুহেজাৰ আৰু পাঁচশ টকীয়া নোটসমূহত মনোৰঞ্জন বেংক আৰু হিন্দীত ভাৰতীয় বচ্চে বেংক বুলি উল্লেখ থকাৰ বিপৰীতে এশ টকীয়া নোটসমূহত নকল নে আচল ধৰিব পৰা নগ'ল। কোনো দুষ্ট চক্ৰই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিবৰ বাবে এনেদৰে ভুৱা নোটসমূহ খালে–ডোঙে সিঁচৰতি কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। কিন্তু এই ঘটনাই বহু সময় ধৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।
First published: May 6, 2020, 4:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি