মুখ্যপৃষ্ঠা »খবৰ »অসম »গোলাঘাট জিলাৰ দেৰগাঁৱত উদ্ধাৰ ১৮ লাখ টকাৰ জাল নোট, দুজনক গ্ৰেপ্তাৰ

গোলাঘাট জিলাৰ দেৰগাঁৱত উদ্ধাৰ ১৮ লাখ টকাৰ জাল নোট, দুজনক গ্ৰেপ্তাৰ

'ব্লু ষ্টাৰ' লজৰ পৰাই ধৃত লোক দুজনে কোনো ঠাইলৈ সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল নকল টকাসমূহ।

'ব্লু ষ্টাৰ' লজৰ পৰাই ধৃত লোক দুজনে কোনো ঠাইলৈ সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল নকল টকাসমূহ।

'ব্লু ষ্টাৰ' লজৰ পৰাই ধৃত লোক দুজনে কোনো ঠাইলৈ সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল নকল টকাসমূহ।

  • Share this:
নিশা দেৰগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিশা দেৰগাঁৱত উদ্ধাৰ হৈছে ১৮ লাখ টকাৰ জাল নোট। লগতে গ্ৰেপ্তাৰ হৈছে দুজন লোক। দেৰগাঁও চহৰৰ মাজমজিয়াৰ ' ব্লু ষ্টাৰ ' নামৰ এখন লজত গুৱাহাটিৰ S.T.F ( Special Trucks Force )ৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমানৰ জাল নোট। এই জাল নোটৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে দেৰগাৱঁৰ কয়লাঘাটৰ ধীৰাজ আহমেদ আৰু চৰাই চাপৰিৰ জয়ন্ত শইকীয়া নামৰ দুজন ব্যক্তিক।

'ব্লু ষ্টাৰ' লজৰ পৰাই ধৃত লোক দুজনে কোনো ঠাইলৈ সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল নকল টকাসমূহ। বহুদিনৰ পৰা চলাই আহিছিল এই জাল নোটৰ বেহা। অৱশেষত সোমবাৰে নিশা S.T.F. আৰু দেৰগাঁও আৰক্ষীয়ে পতা জালত পৰে এই দুজন লোক। উল্লেখযোগ্য যে দেৰগাওঁ চহৰৰ গাতে লাগি থকা এটা বিশেষ অঞ্চলত আজি বহু দিনৰ পৰাই চলি আহিছে এই নকল টকাৰ বেহা। S.T.F.ৰ দলটোৱে দুয়োজনকে গ্ৰেপ্তাৰ কৰি অধিক জেৰাৰ বাবে নিশাই লৈ গৈছে  গুৱাহাটীলৈ।

শেহতীয়া বাতৰি