মৰিগাঁৱত দুই তিনিদিন মানৰ পৰা এটা অসাধু চক্ৰই চলাই আহিছে এই ব্যৱসায়।
মৰিগাঁৱত দুই তিনিদিন মানৰ পৰা এটা অসাধু চক্ৰই চলাই আহিছে এই ব্যৱসায়।
মৰিগাঁৱত ওলাইছে টকা ঘটাৰ নতুন কৌশল। এটা মেচিনত বগা উকা কাগজ সুমুৱাই দিয়ক, switch on কৰক আৰু ওলাই আহিব নতুন খমখমীয়া নোট। হয়, আহি গল টকা ঘটাৰ নতুন কৌশল। মেচিনৰ মূল্য বেছি নহয়, ডেৰ-দুই লাখ টকা। পিছে ৰ’ব, সপোন এতিয়াই নেদেখিব। প্ৰথমে শুনি লওক আচল ঘটনাটো।
মৰিগাঁৱত দুই তিনিদিন মানৰ পৰা এটা অসাধু চক্ৰই চলাই আহিছে এই ব্যৱসায়। কোনেও গম নোপোৱাকৈ প্ৰথমে তেওঁলোকে মেচিনটোত সুমুৱাই থয় প্ৰকৃত নোট আৰু ৰাইজৰ মাজলৈ গৈ মেচিনটোত উকা বগা কাগজ সুমুৱাই দিবলৈ কয়। তাৰ পিছত মেচিনৰ switch on কৰাৰ লগে লগে ওলাই আহে নতুন খমখমীয়া নোট। সেয়া দেখাৰ পিছত বাৰু আপুনি মই নকৰিবনে মেচিনটো। কিন্তু আপুনি যেতিয়া ঘৰত নি মেচিনত উকা কাগজ সুমুৱাই অন কৰিব তেতিয়াহে ওলাই পৰিব প্ৰকৃত সত্য।
বৃহস্পতিবাৰে মৰিগাঁও উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষী দলে ধৰমতুল নেলীত অভিযান চলাই বৰঘাতৰ বিজু ভূঞাৰ ঘৰৰ পৰা এটা নকল টকা বনোৱা মেচিন উদ্ধাৰ কৰাৰ লগতে বুজন পৰিমাণৰ নকল টকা জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত তিনিজনক আটক কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|