জন্ম পায়েই পৃথিৱী ধ্বংস হ’ব বুলি কৈ নৱজাতকৰ মৃত্যু! কোৰোণাৰ ত্ৰাসৰ মাজতে কোনে বিয়পাইছে উৰাবাতৰি?

News18 Assam | News18-Assam
Updated:March 25, 2020, 8:00 AM IST
জন্ম পায়েই পৃথিৱী ধ্বংস হ’ব বুলি কৈ নৱজাতকৰ মৃত্যু! কোৰোণাৰ ত্ৰাসৰ মাজতে কোনে বিয়পাইছে উৰাবাতৰি?
একাংশ লোকে এই ঘটনা নলবাৰীত বুলি কোৱাৰ লগতে একাংশই আকৌ ছয়গাঁৱত সংঘটিত হৈছে বুলি উল্লেখ কৰিছে।

একাংশ লোকে এই ঘটনা নলবাৰীত বুলি কোৱাৰ লগতে একাংশই আকৌ ছয়গাঁৱত সংঘটিত হৈছে বুলি উল্লেখ কৰিছে।

  • Share this:
কোৰোণা ভাইৰাছৰ আতংকৰ মাজতে ছচিয়েল মিডিয়াত একাংশ লোকে বিয়পাইছে বিভিন্ন উৰাবাতৰি। শেহতীয়াকৈ তেনে এক উৰাবাতৰিয়ে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত। ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টত কোৱা হৈছে যে নলবাৰীত এটি দাঁত থকা শিশুৰ জন্ম হৈছে। জন্ম পায়েই শিশুটিয়ে পৃথিৱী ধ্বংস হ’ব বুলি কৈছে আৰু সকলোৰে ঘৰৰ বাহিৰত এইকেইদিন তিনিগছিকৈ বন্তি জ্বলাবলৈ দিছে। এই কথাষাৰ কৈয়ে শিশুটিৰ মৃত্যু হোৱা বুলি কোৱা হৈছে এই উৰাবাতৰিত।

একাংশ লোকে এই ঘটনা নলবাৰীত বুলি কোৱাৰ লগতে একাংশই আকৌ ছয়গাঁৱত সংঘটিত হৈছে বুলি উল্লেখ কৰিছে।



এই বাতৰি বিয়পি পৰাৰ লগে লগে বিভিন্ন স্থানত নঙলামুখত বন্তি প্ৰজ্বলন কৰাও দেখা গৈছে ছচিয়েল মিডিয়াৰ পোষ্টত।



উল্লেখযোগ্য দাঁতসহ যিটো নৱজাতকৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে, সেইখন ফটো গুগলত উলবদ্ধ।



কোনো দুষ্টচক্ৰই গুগলৰ পৰা লৈ এনেধৰণৰ ফেক নিউজ বিয়পাইছে ছচিয়েল মিডিয়াত। কোৰোণা মহামাৰীয়ে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত এনেধৰণৰ ফেক নিউজ বিয়পোৱাৰ উদ্দেশ্য কি সেয়া বোধগম্য নহয়। সেয়েহে, এনেধৰণৰ ভুৱা খবৰৰ পৰা আঁতৰি থাকক। উৰাবাতৰিত ভোল নাযাব।
আৰু চাওক
পৰৱৰ্তী বাতৰি