যোৱা বৃহস্পতিবাৰে ৰহাত জালনোট চক্ৰৰে জড়িত যুৱকলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল।
যোৱা বৃহস্পতিবাৰে ৰহাত জালনোট চক্ৰৰে জড়িত যুৱকলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল।
নগাঁৱৰ কচুৱা আৰক্ষীৰ বৃহৎ সফলতা। কচুৱাৰ শিমলুগুৰিত আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই নকল টকাসহ টকা বনোৱা মেচিন জব্দ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে দুজন লোকক আটক কৰিছে। আটকধীন লোক দুজন ক্ৰমে মুক্তাদুল ইছলাম আৰু ফইজুল ইছলাম।
দুয়োজনেই শিমলুগুৰিৰ প্ৰমীলাআটীৰ ৷ উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ৰহাত জালনোট চক্ৰৰে জড়িত যুৱকলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল। সেই যুৱককেইজনৰ আজি আটক কৰা যুৱকদ্বয় সতীৰ্থ বুলি মত প্ৰকাশ কৰে আৰক্ষীয়ে (Fake Money Seized)।
সম্প্ৰতি কচুৱাৰ আৰক্ষীৰ জিম্মাত দুয়োজন যুৱক। ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১ লাখ ৬৫ হাজাৰ নকল টকা জব্দ কৰে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|