ভুৱা মেডিকেল বিল কেলেংকাৰীৰ নায়ক আৰক্ষীৰ জালত ৷ চক্ৰটোৱে বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰীক যোগান ধৰিছিল ভুৱা মেডিকেল Reimbursement বিল ৷ ভুৱা বিলৰ পৰা ৰাজকোষৰ পৰা ওলিয়াই নিছিল কোটি কোটি টকা ৷
ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে প্ৰত্যেক বছৰে নিজৰ মেডিকেল Reimbursementৰ বিল জমা দিব লাগে ৷ কিন্তু একাংশ চৰকাৰী বিষয়াই এই বিল সমূহৰ ক্ষেত্ৰত সহায় লয় একাংশ প্ৰৱঞ্চকৰ ৷ বছৰেকীয়া বিল সমূহৰ বাবে কৰ্মচাৰীসকলে চক্ৰটোক প্ৰদান কৰে ধন ৷ ধন পোৱাৰ পিছতে চক্ৰটোৱে বিভিন্ন ফাৰ্মাচীৰ ভুৱা বিল যোগান ধৰে বিষয়াগৰাকীক ৷
APDCLৰ ৩৪ গৰাকী কৰ্মচাৰীয়ে এনেধৰণৰ ভুৱা বিল প্ৰদান কৰাৰ পিছতে পোহৰলৈ আহে সকলো কথা ৷ APDCLৰ কৰ্তৃপক্ষই জিএমচিএইচৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ পিছতে জিএমচিএইচ কৰ্তৃপক্ষই জুলাই মাহত ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ তাৰ সমান্তৰলকৈ জিএমচিএইচ কতৃপক্ষই চক্ৰটোৰ বিৰুদ্ধে ৰুজু কৰিছিল আন তিনিটা গোচৰ ৷
কেৱল জিএমচিএইচ কৰ্তৃপক্ষই নহয় জিএমচিএইচৰ চৌহদত থকা তিনিখন ফাৰ্মাচীয়েও ৰুজু কৰে চক্ৰটোৰ বিৰুদ্ধে আন তিনিটা গোচৰ ৷ জুলাই মাহত গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা মূল অভিযুক্ত অৱনী বৰ্মণ পলাতক অৱস্থাত আছিল ৷ ভঙাগড় আৰক্ষীয়ে APDCLৰ কৰ্মচৰী অৱনী বৰ্মণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে পলাতক অৱস্থাত আছিল ৷
ভঙাগড় থানাৰ গোচৰ নং ৫১৭/২১ নম্বৰ গোচৰত বৃহস্পতিবাৰে ভঙাগড় আৰক্ষী থানাত অন্তৱৰ্তী জামিন পোৱাৰ পিছত হাজিৰ হৈছিল ভঙাগড় থানাত ৷ কিন্তু অৱনী বৰ্মণৰ বিৰুদ্ধে বাকী থকা আন ৬টা গোচৰৰ জিএমচিএইচ কৰ্তপক্ষই দিয়া ৪৩২/২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰে চক্ৰটোৰ অন্যতম কিংপিন অবনি বৰ্মনক ৷
অৱনী বৰ্মণৰ উপৰিও আৰক্ষীয়ে বিচাৰি আছে লটিফ ইচলামক নামৰ এজনক ৷ গোচৰ ৰুজু হোৱা দিন ধৰি লটিফ ইছলামও পলাতক অৱস্থাত আছে ৷ জিএমচিএইচ কৰ্তৃপক্ষৰ তথ্য মতে এই চক্ৰটোৱো চৰকাৰৰ পৰা প্ৰায় ২ কোটি টকা লুণ্ঠন কৰিছে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Himangshu Bhuyan
FIRST PUBLISHED : December 25, 2021, 11:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।