ভূগোলৰ ভুৱা প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নগাঁও আৰু শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। কালি নগাঁৱত এজন ছাত্ৰক আটক কৰাৰ পিছত যোৱানিশা শিৱসাগৰৰ পৰা আৰক্ষীয়ে ৮গৰাকী ছাত্ৰ-ছাত্ৰীক আটক কৰে।
আটাইকেইগৰাকীয়েই হৈছে প্ৰটেষ্ট অৱ এইচ এছ এল চি শিৱসাগৰ (PROTEST OF HSLC SIVASAGAR) হোৱাটছ এপ গ্ৰুপটোৰ এডমিন। গ্ৰুপটোত ভূগোল বিষয়ৰ ভুৱা প্ৰশ্নকাকত আপলোড কৰাৰ অপৰাধত ৮গৰাকী পৰীক্ষাৰ্থীক আটক কৰিছিল যদিও আজি ৬ গৰাকীক ঘৰলৈ যাবলৈ দিয়ে। দুগৰাকী ছাত্ৰক তথা এডমিনক জিম্মাত ল'লে নগাঁও আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত কেইবাঘন্টা জেৰাৰ কৰাৰ অন্তত নগাঁও থানালৈ লৈ যোৱা হৈছে ছাত্ৰ দুগৰাকীক।
এই ছাত্ৰ দুগৰাকীক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। লক্ষণীয় যে নগাঁও আৰক্ষীয়ে জিম্মাত লোৱা দুয়োগৰাকী ছাত্ৰ শিৱসাগৰৰ হোলীনেম স্কুলৰ। বাকী ৬গৰাকী ছাত্ৰ-ছাত্ৰীক সাক্ষী হিচাপে লৈ ঘৰলৈ যাবলৈ দিয়ে আৰক্ষীয়ে।
Published by: Gautam Barman
FIRST PUBLISHED : March 19, 2023, 22:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।