বাক্সাত ভুৱা ‘কিষাণ কাৰ্ড’ তৈয়াৰৰ নামত কৃষকৰ পৰা ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিল দুই যুৱক ৷ যোৱা কেইবাদিনো ধৰি বাক্সাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত কাজিয়ামাটি গাঁৱৰ উপৰি খাৰিজা বিজনীৰ বিভিন্ন অঞ্চলত যুৱকদ্বয়ে ধনৰ বিনিময়ত প্ৰদান কৰি আহিছিল ভুৱা কিষাণ কাৰ্ড৷ কিন্তু বিষয়টো ওপৰত কৃষক ৰাইজৰ সন্দেহ হোৱাত যুৱকদ্বয়ক সোধা–পোছা কৰাৰ সময়তে ওলাল উৰহীৰ ওৰ৷
স্মৰ্তব্য যে "শক্তি ৰূপা বহুমুখী ছাৰ্ভিচ" নামৰ সংস্থা এটাৰ নামেৰে অসৎ পন্থাৰে হোজা কৃষক ৰাইজৰ পৰা কিষাণ কাৰ্ড প্ৰদানৰ নামত বৃহৎ পৰিমানৰ ধন সংগ্ৰহ কৰিছিল বৰপেটাৰোড আৰক্ষী চকীৰ অন্তৰ্গত ১নং বাঁহবাৰীৰ বলোৰাম আৰ্য আৰু বানেশ্বৰ নাথ নামৰ যুৱকদুজনে৷ ধৃত এই যুৱকদ্বয়ে ধনৰ বিনিময়ত প্ৰদান কৰা উক্ত কিষাণ কাৰ্ড ভুৱা বুলি জ্ঞাত হোৱাত ৰাইজে যুৱকদ্বয়ক আটক কৰি পিছত স্থানীয় লাবদাংগুৰি আৰক্ষীক গতাই দিয়ে৷
ইয়াৰোপৰি কাজিয়ামাটি গাঁৱৰ গাঁওবুঢ়াৰ সহযোগত ভুক্তভোগী ৰাইজে লাবদাংগুৰি আৰক্ষী চকীত এখন এজাহাৰ প্ৰদান কৰাত যুৱকদ্বয়ক আৰক্ষী গ্ৰেপ্তাৰ কৰাৰ লগতে জিলা দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰে৷ পিছত আদালতে দুয়োজন যুৱকক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷
উল্লেখযোগ্য যে এই ভুৱা কিষাণ কাৰ্ড প্ৰস্তুতত যুৱকদ্বয়ৰ সৈতে আৰু বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে৷ এইক্ষেত্ৰত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সংগঠন চমুকৈ ABMSUৰ শালবাৰী জিলা সমিতিয়ে উক্ত ঘটনাৰ উচিত তদন্ত কৰি অপৰাধী চক্ৰটোক কৰায়ত্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়৷ ইতিমধ্যে আৰক্ষীয়েও অপৰাধী চক্ৰটোক কৰায়ত্ত কৰিবলৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|