বিমান যাত্ৰাৰ টিকট ক্ৰয় কৰিবলৈ যাওঁতে সাৱধান হওক। নহ'লে আপুনিও ভুৱা বিমান টিকেট ক্ৰয় কৰি এয়াৰপ'ৰ্টত সন্মুখীন হ'ব লাগিব পাৰে অপ্ৰত্যাশিত পৰিস্থিতিৰ। যোৰহাটত পোহৰলৈ আহিছে প্ৰৱঞ্চনাৰ এই নতুন কাহিনী। যোৰহাটৰ এটা ট্ৰেভেল এজেন্সীৰ প্ৰৱঞ্চনাৰ বলি হৈ এয়াৰপ'ৰ্টত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বহু যাত্ৰীৰ ।
যোৰহাটত বিমান যাত্ৰাৰ টিকট ক্ৰয় কৰি প্ৰৱঞ্চনাৰ বলি হোৱা একাংশ লোকে ইতিমধ্যে থানাত গোচৰ দিছে। একাংশ লোকে এয়াৰপ'ৰ্টত বৰ্ডিং পাছ ল'বলৈ যাওঁতে জানিব পাৰিছে যে তেওঁলোকক দিয়া টিকটটো ভুৱা (Fake Flight Tickets)। টিকটৰ ধন পৰিশোধ নকৰাকৈ ভুৱা পিএনআৰ বিশিষ্ট বিমানৰ টিকট বিক্ৰী কৰি আহিছিল যোৰহাট (Jorhat) চোলাধৰা তিনিআলিস্থিত কৃষ্ণা টুৰ এণ্ড ট্ৰেভেলছ নামৰ ট্ৰেভেল এজেন্সীটোৱে।
বিশাল গুপ্তা নামৰ যুৱকজনে তেওঁৰ এই ট্ৰেভেল এজেন্সীৰ পৰা বহু লোকক ভুৱা বিমানৰ টিকট বিক্ৰী কৰি ইতিমধ্যে পলায়ন কৰিছে। এইসকল যাত্ৰী বৰ্তমান ভীষণ সমস্যাৰ সন্মুখীন হৈছে এয়াৰপ'ৰ্টসমূহত। আনহাতে বিশাল গুপ্তাই বহু লোকৰ পৰা বিমানৰ টিকটৰ মূল্য লৈ শেষ মুহূৰ্তত টিকট প্ৰদান নকৰাত বিপদত পৰে এইসকল লোক ।
"আমাৰ আঠজন লোকৰ ৰিটাৰ্ন টিকট আছিল বাংগালুৰুৰৰ পৰা । ইয়াত আমাৰ টিকটকেইটা ভুৱা বুলি জানিব পাৰি আমি হতভম্ব হৈ পৰোঁ । এতিয়া বহু উচ্চ মূল্যত আমি টিকট ক্ৰয় কৰিব লগা হৈছে । গোটেই পৰিয়ালটো হাৰাশাস্তিৰ সন্মুখীন হৈছে ।" -এটা ভুক্তভোগী পৰিয়ালে এনেদৰে কয় ।
ইতিমধ্যে একাংশ ভুক্তভোগী লোকে বিশালৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে । কিন্তু বিশাল মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে বিশালে আত্মহত্যা কৰিবলৈ ওলাই গৈছে বুলি শেষবাৰলৈ ফোন কৰিছিল ।
আনহাতে কেৱল বিমান যাত্ৰীয়েই নহয় , বিশাল গুপ্তাই একাংশ লোকৰ পৰা বিমানৰ টিকট ক্ৰয় কৰাৰ নামত বিপুল পৰিমাণৰ টকা ধাৰলৈ লোৱাৰ তথ্যও পোহৰলৈ আহিছে। এনে একাংশ লোকেও ট্ৰেভেল এজেন্সীৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই অহা বিশালৰ বিৰুদ্ধে থানাত গোচৰ দিছে । আৰক্ষীয়ে বিশাল গুপ্তাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|