• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপি বিধায়কৰ বিৰুদ্ধে ভুৱা শিক্ষাগত অৰ্হতা দেখুওৱাৰ অভিযোগ, ডিব্ৰুগড় সত্ৰ ন্যায়ালয়ৰ কাষ চাপিল অসম জাতীয় পৰিষদ

বিজেপি বিধায়কৰ বিৰুদ্ধে ভুৱা শিক্ষাগত অৰ্হতা দেখুওৱাৰ অভিযোগ, ডিব্ৰুগড় সত্ৰ ন্যায়ালয়ৰ কাষ চাপিল অসম জাতীয় পৰিষদ

ডিফু বিধানসভাৰ সমষ্টিৰ পৰা বিজেপিৰ দলৰহৈ অসম বিধানসভা মজিয়ালৈ অহা বিদ্যাসিং ইংলেঙে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত  ভুৱা শিক্ষাগত অৰ্হতাৰে মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি অভিযোগ অজাপৰ।

ডিফু বিধানসভাৰ সমষ্টিৰ পৰা বিজেপিৰ দলৰহৈ অসম বিধানসভা মজিয়ালৈ অহা বিদ্যাসিং ইংলেঙে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত  ভুৱা শিক্ষাগত অৰ্হতাৰে মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি অভিযোগ অজাপৰ।

ডিফু বিধানসভাৰ সমষ্টিৰ পৰা বিজেপিৰ দলৰহৈ অসম বিধানসভা মজিয়ালৈ অহা বিদ্যাসিং ইংলেঙে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত  ভুৱা শিক্ষাগত অৰ্হতাৰে মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি অভিযোগ অজাপৰ।

  • Share this:
অসম বিধানসভাৰ পবিত্ৰ মজিয়া ভুৱা সম্পত্তি আৰু ভুৱা শিক্ষাগত অৰ্হতাপূৰ্ণ জনপ্ৰতিনিধিয়ে ভৰি থকাৰ অভিযোগ অসম জাতীয় পৰিষদৰ। ডিফুৰ বিধায়ক বিদ্যাসিং ইংলেঙৰ বিৰুদ্ধে গোচৰ তৰা হৈছে ডিব্ৰুগড়ত ।

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই  ডিব্ৰুগড় জিলা কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে। অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী,এ আই ইউ ডিএফৰ কৰিমুদ্দিন বৰভূঞাকে প্ৰমুখ্য কৰি বৰ্তমানলৈ চাৰিজন বিধায়কে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰোতে ভুৱা তথ্য দাখিল কৰি জনসাধাৰণক আভুৱা ভাৰিবলৈ চেষ্টা কৰাৰ অভিযোগ কৰিছে।

অসম জাতীয় পৰিষদে ডিফুৰ বিধায়কৰ বিৰুদ্ধে ডিব্ৰুগড় সত্ৰ ন্যায়ালয়ত গোচৰ তৰিছে। ১৯ নং ডিফু বিধানসভাৰ সমষ্টিৰ পৰা বিজেপিৰ দলৰহৈ অসম বিধানসভা মজিয়ালৈ অহা বিদ্যাসিং ইংলেঙে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত  ভুৱা শিক্ষাগত অৰ্হতাৰে মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি অভিযোগ অজাপৰ ।

বিদ্যাসিং ইংলেঙে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰোতে শিক্ষাগত অৰ্হতাৰ স্নাতক ডিগ্ৰীধাৰী বুলি উল্লেখ কৰিছিল। তেওঁ ২০১৬ চনত মনোনয়ন পত্ৰ দাখিল কৰোতে ১৯৭৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক বুলি তথ্য প্ৰদান কৰিছিল। কিন্তু ২০২১ চনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত তেওঁ উছমানীয়া বিশ্ববিদ্যালয়ৰ অধীনত হাইদৰাবাদৰ মহাবিদ্যালয়ৰ পৰা ১৯৭৭ চনত স্নাতক উত্তীৰ্ণ হোৱা দেখুৱাইছে। তাৰোপৰি ১৯৭৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তথ্য দাখিল কৰিছে।

বিধায়ক বিদ্যাসিং ইংলেঙৰ স্ব-বিৰোধী স্থিতিৰ বাবে অজাপই ডিব্ৰুগড় সত্ৰ ন্যায়ালয়ত এক গোচৰ তৰিছে। এই অপৰাধী গোচৰ পঞ্জীয়ন কৰি ন্যায়ালয়ে বিদ্যাসিং ইংলেঙৰ বিৰুদ্ধে ২২চি/২০২২ নং গোচৰ ভিত্তিত ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০/৪০৬/১২০(বি)/১৮১/১৯৯/২০২/৪৬৮ আৰু ১২৫ এক্টৰ ধাৰা লগোৱা হৈছে।

আনহাতে উচ্চতম ন্যায়ালয়তো বিদ্যা সিং ইংলেঙৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ পঞ্জীয়ন কৰিব বুলি ডিব্ৰুগড়ত এক সংবাদ মেলত অৱগত কৰে। মহামান্য ন্যায়ালয়ে দোষী বিজেপিৰ বিধায়ক বিদ্যাসিং ইংলেঙক উচিত শাস্তি প্ৰদান কৰিব বুলি আশাবাদী অজাপ ।
সংবাদমেলত অজাপৰ উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱা সৈতে উপস্থিত থাকে অজাপৰ ডিব্ৰুগড় জিলাৰ সভাপতি পৰাগজ্যোতি বৰুৱা আৰু জিলাৰ মহিলা সাধাৰণ সম্পাদিকা দিপাঞ্জলী মেধি  ।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি