মেট্ৰিক পাছ নকৰাকৈয়ে হ’ল ‘এম বি বি এছ’, যোৰহাটত তিনি যুৱকৰ ভয়ংকৰ কাণ্ড

News18 Assam | News18-Assam
Updated:April 8, 2020, 10:05 AM IST
মেট্ৰিক পাছ নকৰাকৈয়ে হ’ল ‘এম বি বি এছ’, যোৰহাটত তিনি যুৱকৰ ভয়ংকৰ কাণ্ড
বিভিন্ন গাঁৱলৈ গৈ এই ভুৱা চিকিৎসকৰ দলটোৱে কৰিছিল স্বাস্থ্য পৰীক্ষা।

বিভিন্ন গাঁৱলৈ গৈ এই ভুৱা চিকিৎসকৰ দলটোৱে কৰিছিল স্বাস্থ্য পৰীক্ষা।

  • Share this:
কোৰোণা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কোৰোণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত গাঁৱত বিভিন্ন লোকৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা এটা ভুৱা চিকিৎসকৰ দলক যোৰহাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মঙ্গলবাৰে নিশা। এই প্ৰৱঞ্চকৰ দলটোৰ কাণ্ডৰ বিষয়ে জানিলে আপোনাৰ চকু কপালত উঠিব।

প্ৰথম অৱস্থাত যোৰহাটৰ নগৰ অঞ্চলত নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দি লকডাউনৰ সময়চোৱাত দোকানসমূহত থকা ধঁপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই এনে বহু সামগ্ৰী জব্দ কৰি নিছিল এই দলটোৱে। এই সন্দৰ্ভত একাংশ ব্যৱসায়ীৰ সন্দেহ ওপজাত ঘটনাটো পুলিবৰ আৰক্ষীক অৱগত কৰিছিল।

আৰক্ষীয়ে তাৎক্ষণিকভাৱে অনুসন্ধান কৰি এখন ছুইফট গাড়ীসহ তিনিজন যুৱকক যোৱা ৬ এপ্ৰিলত আটক কৰিছিল। কিন্তু পিছত ব্যৱসায়ীসকলৰ সৈতে হোৱা বুজাবুজিৰ পিছত গোচৰ নিদিয়াৰ সিদ্ধান্ত লোৱাত আৰক্ষীয়ে এৰি দিছিল প্ৰৱঞ্চক যুৱককেইজনক। কিন্তু এই ঘটনাৰ পিছতে যুৱককেইজনৰ নিজৰ ভিতৰতে সৃষ্টি হয় সংঘাতৰ। আৰু দলটোৱে ভাড়া কৰি নিয়া গাড়ীখনৰ গৰাকীয়ে ফাদিল কৰি দিয়ে ভুৱা চিকিৎসকৰ এই ভয়ংকৰ কাণ্ডৰ তথ্য।



তিতাবৰৰ ঢেকিয়াজুলি কহাৰ গাঁৱৰ বিশ্বজ্যোতি দত্ত আৰু ২নং শেনচোৱা গাঁৱৰ উজ্জ্বল বৰা নামৰ যুৱক দুজন আৰু তেওলোকে ভাড়া কৰি লোৱা গাড়ীখনৰ গৰাকী দিগন্ত নেওগক লগত লৈ গাঁৱে গাঁৱে আৰম্ভ কৰিছিল কোৰোণা ভাইৰাছ সন্দৰ্ভত চিকিৎসা সেৱা। অষ্টম আৰু দশম শ্ৰেণীলৈকে পঢ়া এই ভুৱা চিকিৎসকৰ দলটোৱে নিজকে প্ৰয়াস নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য বুলি পৰিচয় দি তিতাবৰ, নিমাতী আদি অঞ্চলৰ গাঁওসমূহলৈ গৈ সহজ–সৰল গাঁওবাসীৰ স্বাস্থ্য পৰীক্ষা কৰিছিল। দলটোৰ মূৰব্বী হিচাবে তেওঁলোকে ব্যৱহাৰ কৰিছিল ডাঃ প্ৰিন্স বৰা শইকীয়াৰ নাম।

কোভিড–১৯ৰ এই ভুৱা চিকিৎসকৰ দলটো গোলাঘাটলৈও গৈছিল। ধৃত যুৱককেইজনে জানিবলৈ দিয়া মতে, তিতাবৰত তেওঁলোকে গাঁৱলৈ আশা কৰ্মীকো লগত লৈ গৈছিল। এই সন্দৰ্ভত তিতাবৰ থানাত মঙলবাৰে সন্ধিয়া এটা গোচৰ ৰুজু হোৱাৰ পিছতে পোহৰলৈ আহে যে এদিন পূৰ্বে পুলিবৰত পৃথক অভিযোগত আটক হোৱা দলটোৱেই এই কাণ্ডৰ সৈতে জড়িত।

ইয়াৰ পিছতে পুনৰ অভিযান চলাই পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱক তিনিজনক। উল্লেখ্য এই ভুৱা চিকিৎসকৰ দলটোৱে গ্ৰামাঞ্চলত বিভিন্ন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা ফটোসমূহ ডাঃ প্ৰিন্স বৰা শইকীয়াৰ ফেচবুক একাউণ্টত আপলোড কৰি আহিছিল। ডাঃ প্ৰিন্স বৰা শইকীয়া কোন সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।
Published by: Sanjay Kumar Das
First published: April 8, 2020, 10:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি