গুৱাহাটীৰ এজন চিকিৎসকে ই–মেইলযোগে দিয়া এজাৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসকজনক৷
গুৱাহাটীৰ এজন চিকিৎসকে ই–মেইলযোগে দিয়া এজাৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসকজনক৷
চৰাইদেউ জিলাৰ সোণাৰিত আজি এজন ভুৱা চিকিৎসকক আটক কৰা হয়। চিকিৎসকজনে দীৰ্ঘদিন ধৰি সোণাৰিৰ নাফুক চাহ বাগিচাত চিকিৎসা সেৱা আগবঢ়াই আছিল। গুৱাহাটীৰ এজন চিকিৎসকে ই–মেইলযোগে দিয়া এজাৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসকজনক৷
আটকাধীন ভুৱা চিকিৎসকজনৰ নাম গকুল বৰুৱা। আৰক্ষীয়ে এজাহাৰকাৰীৰ এজাহাৰৰ ভিত্তিত চিকিৎসকজনৰ নথি–পত্ৰ আৰু অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ ৰেকৰ্ড প্ৰমাণিত কৰাৰ পিছত তেওঁৰ পঞ্জীয়ন নম্বৰ জাল প্ৰমাণিত হয় আৰু সকলো প্ৰমাণপত্ৰ ভুৱা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে।
ইতিমধ্যে আৰক্ষীয়ে অসম চিকিৎসা পৰিষদ আইন 1999-ৰ 147/21 ইউ/420/468/471/336 IPC R/Wৰ অধীনত চিকিৎসকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|