শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী আৰক্ষীৰ জালত এইবাৰ মুন্নাভাইৰূপী ভুৱা চিকিৎসক।
দেৱাশিস দত্ত নামৰ এজন ভুৱা চিকিত্সকে নাজিৰাৰ গেলেকীত অৱস্থিত আৰোগ্যম মেডিকেলত চিকিৎসা সেৱা আগবঢ়াই আহিছিল।
দেৱাশিস দত্তই ব্যৱহাৰ কৰি থকা প্ৰেছক্ৰিপচনত উল্লেখিত ASSAM COUNCIL OF MEDICALৰ পঞ্জীয়ন নং:২৬৬১৯ আচলতে ডাঃ জেচী শ্বেতা মুকেশৰ নামতহে পঞ্জীকৃত হৈ আছে (OFFICE OF THE REGISTER,ASSAM COUNCIL OF MEDICAL REGESTRATION ৰ ৰেকৰ্ড অনুসৰি)।
অৰ্থাৎ বেলেগৰ নামত পঞ্জীকৃত পঞ্জীয়ন নং দেৱাশিস দত্তই ব্যৱহাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছিল৷ গুৱাহাটীৰ লাচিত নগৰ নিৱাসী তথা গুৱাহাটীৰ "ARYA HOSPITAL"ত কৰ্মৰত এগৰাকী চিকিৎসক চিকিৎসকৰ অভিযোগৰ ভিত্তিত দেৱাশিস দত্ত নামৰ ভুৱা চিকিৎসকজনক আটক কৰে আৰক্ষীয়ে।
অভিযোগ অনুসৰি দেৱাশিস দত্তই ভুৱা পঞ্জীয়ন নম্বৰেৰে চিকিৎসা সেৱা আগবঢ়াই আহিছে। অভিযোগকাৰীয়ে শিৱসাগৰ আৰক্ষী অধীক্ষকৰ ওচৰত বহু তথ্য সংলগ্ন কৰি অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ ভিত্তিত দেৱাশিস দত্তক নাজিৰাৰ গেলেকী আৰক্ষীয়ে আটক কৰি সোধা-পোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি গেলেকী আৰক্ষীয়ে প্ৰেৰণ কৰিছে জে'ল হাজোতলৈ। গেলেকী আৰক্ষী থানাত 52/22নম্বৰত আৰুIPC US336 419 468 471নম্বৰত ৰুজু হৈছিল গোচৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|