• Home
  • »
  • News
  • »
  • assam
  • »
  • কচুৱাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান, জালত পৰিল স্কুলৰ বাৰান্দা গচকি নোপোৱা ভুৱা চিকিৎসক 

কচুৱাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান, জালত পৰিল স্কুলৰ বাৰান্দা গচকি নোপোৱা ভুৱা চিকিৎসক 

মঙলবাৰে নিশা নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নুৰুল ইছলামক আটক কৰে৷

মঙলবাৰে নিশা নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নুৰুল ইছলামক আটক কৰে৷

মঙলবাৰে নিশা নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নুৰুল ইছলামক আটক কৰে৷

  • Share this:
নগাঁৱৰ কচুৱাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান৷ নুৰুল ইছলাম নামৰ এজন ভুৱা চিকিৎসকক আটক৷ ৰাজ্যৰ একাংশ ভুৱা চিকিৎসকে চিকিৎসাৰ নামত প্ৰবঞ্চনা কৰি ধন ঘটাৰ পিছতো স্বাস্থ্য বিভাগে বিষয়টোৰ ওপৰত চকু নিদিয়াত তেনে চিকিৎসকৰ অতপালি দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷

বিগত কিছু বছৰ ধৰি কচুৱাৰ নুৰুল ইছলাম নামৰ এজন লোকে নিজকে দন্ত চিকিৎসক বুলি প্ৰচাৰ কৰি ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছিল৷ কচুৱা মডেল হাস্পতাল, শিঙিমাৰী ৰাজ্যিক চিকিৎসালয়, লুটুমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু কামপুৰ এফ আৰ ইউ থকাৰ পিছতো নুৰুল ইছলামৰ দৰে একাংশ ভুৱা চিকিৎসকে বিভিন্ন ঠাইত চিকিৎসাৰ নামত ৰোগীৰ পৰা অবাধে ধন সংগ্ৰহ কৰি আছে।

কোনোদিন স্কুল-কলেজৰ বাৰান্দাত ভৰি নিদিয়া ভুৱা চিকিৎসক নুৰুল ইছলামে বিদেশৰ পৰা ডিপ্ল’মা লোৱা ডাঙৰ ডাঙৰ বেনাৰ পোষ্টাৰ আৰি শিঙিমাৰী বজাৰ, কচুৱা বজাৰ, তিনিআলি বজাৰ, লুটুমাৰী বজাৰ, ভকচুং বজাৰ, ৰজাগাঁও বজাৰ আৰু এডেনবাৰী বজাৰত দোকান খুলি ৰমৰমীয়া বেহা চলাই আহিছে নুৰুল ইছলামৰ লগতে আনকেইবাজনো ভুৱা চিকিৎসকে৷

সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যা বৰ্ণালীয়ে, মহাকাশত আৱিষ্কাৰ কৰিলে সূৰ্যতকৈও ডাঙৰ আৰু উষ্ণ নক্ষত্ৰ


দাঁত চাফা কৰা, দাঁত উঘলা, নতুনকৈ দাঁত লগোৱা আদি চিকিৎসা কৰে উক্ত ভুৱা চিকিৎসকজনে৷ এজন দন্ত চিকিৎসকৰ যিমান সা-সঁজুলি থাকে ঠিক ভুৱা চিকিৎসক নুৰুল ইছলামে সেই সকলো সা-সঁজুলি ক্ৰয় কৰি লৈছে৷ কিছুদিন পূৰ্বে ভুল চিকিৎসাৰ ফলত দাঁত আৰু মস্তিষ্কৰ মাৰাত্মক বেমাৰত ভোগা কচুৱা চিতলমাৰীৰ আব্দুল চাত্তাৰ, জুকটা গাঁৱৰ মজিবুৰ ৰহমানে নগাঁও জিলাৰ উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল৷ আনকি কচুৱা আৰক্ষী থানা আৰু নগাঁও আদালতত ভুৱা চিকিৎসকজনৰ বিৰদ্ধে গোচৰ তৰিও কোনো সুফল নাপালে৷ যাৰফলত চেম্বাৰ খুলি দম্ভালিৰে চিকিৎসাৰ নামত বেহা চলাই আহিছিল নুৰুলে৷


মঙলবাৰে নিশা নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নুৰুল ইছলামক আটক কৰে৷ উল্লেখযোগ্য কচুৱাৰ বিভিন্ন অঞ্চলত বহু ভুৱা চিকিৎসকে চিকিৎসা প্ৰদান কৰি অহাৰ অভিযোগ উঠিছে৷

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: